পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩২
শ্ৰীবেণুধৰ শৰ্মা

দুৰ্ব্বল হ'লে হিতাহিত জ্ঞানৰ অভাৱ হয়, সামান্য লেজুডালতে ফেঁটী সাপৰ বিভীষিকা দেখে। এনেৰূপে যাৰ মানসিক চিন্তাৰ ধাবা অধঃ- পাতে যাব লগীয়া হল, তেওঁতকৈ আৰু দুৰ্ব্বল বাজনীতিবিদ কোনোবা হ'ব পাৰেনে?

 কোনোৱে কোনোৱে কয়, পীজৌ গাভৰুৰপৰা হে বোলে স্বৰ্গদেৱৰ ৰাজ্য-শ্ৰী লুপ্ত হ’ল। পীজৌ গাভৰু বৰ ভাল; বৰফুকনৰ উপযুক্ত কন্যা। তেওঁ বুঢ়াগোহাঞিৰ ঘৰত ভৰি দিয়েই ন-বোৱাৰী স্বৰূপেই পূৰ্ণানন্দৰ দোপাকী-তেপাকী কথা অভ্যন্তৰৰ কথা-মন্ত্ৰণা আটাইবোৰ টুকি ল'লে। যেতিয়া দেখিলে যে অনা-জগতে তেওঁৰ পিতৃক বধিবলৈ গুপ্ত যড়যন্ত্ৰ চলিছে, তেতিয়া পীজৌৱে সেই বাতৰি নিদিয়াকৈ পাৰে কেনেকৈ? বৰং ঘবতে যেতিয়া শক্তিৰ দুহিতা স্বয়ং বিদ্যমান, পূৰ্ণানন্দহে সদায় সচকিত হৈ থকা উচিত আছিল। স্বৰ্গদেৱৰ ৰাজ্য যদি বুঢ়াগোহাঞে লক্ষিন্দাৰৰ মেৰঘৰকে কৰিব খুজিছিল, তাত নো আকৌ পীজৌৱে চিঠি সৰকাব পৰা কুন্দ্ৰাক্ষ কিয় থৈছিল? সেই বাবে বুঢ়াগোহাঞিহে অসাৱধানতাৰ দোষত দোষী।

 বৰফুকন সজ্ঞানে কিবা অত্যাচাৰ কৰিছিলনে নাই ক'ব নোৱাৰি, কিন্তু পুতেক জন্মি-পিয়লিহঁতে বলিদাস হাতীক ভাং খুৱাই বলিয়া কৰি নামনি অসমৰ মানুহৰ মাজত মেলি দিয়াটো বা বাহাদুৰ গুণাভিৰাম বৰুৱাৰ বুৰঞ্জীয়ে কয়। নিৰস্ত্ৰ মানুহৰ মাজত বলিয়া হাতী মেলি দিয়াৰ নিচিনা একোটা বীভৎস কাণ্ডত বৰফুকনব কিমান সহানুভূতি আছিল স্পষ্ট উল্লেখ নাই। তথাপি, “মৌনেন সন্নতিলক্ষণম্ প্ৰকাশ পোৱা দেখা যায়। গতিকেই, নামনি অসমৰ মানুহক বিদ্বেষ চকুৰে চোৱা অপৱাদৰপৰা বৰফুকনক