পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩১
দেশদ্ৰোহী কোন—বদন নে পূৰ্ণানন্দ

বৰফুকন বদনচন্দ্ৰই কামাখ্যা-মাধৱ দেৱালয়ৰ সোণৰ কোষা-অৰ্ঘ্য ভাঙি হাজাবসিং বঙ্গালক যাঠি হেজাৰ টকা দিয়া অৱশ্যে, ওপৰ-চকুৱা হৈ চালে দুখৰ বিষয় বুলি ক'ব লাগিব। কিন্তু বদনচন্দ্ৰই সেই টকা আপোনাৰ স্বাৰ্থসিদ্ধিতকৈও চেটিয়া ববফুকনে কৰা অত্যাচাৰৰ প্ৰায়- চিত্ত স্বৰূপে হে ভৰিব লগীয়া হৈছিল। বুঢ়াগোহাঞি পূৰ্ণানন্দই বৃটিছৰ কাপ্তানক মাতি আনি ৰংপুৰ বাহৰৰপৰা “সোণৰ অলঙ্কাৰ চাৰি লাখ, ৰূপৰ চাৰি লাখ, সোণ ৬,২৫০মোন আৰু তাম-কাঁহ-পিতল বস্ত্ৰ-অলঙ্কাৰ যিমান দিলে তাক লেখি কোনে অন্ত পাব? নাও দুহেজাৰখন, দন্তাল হাতী এটা, মাখুন্দী এজনী, হিলৈ চাৰি হেজাৰ দিলে। লগে লগে অসমৰ ৰাজভঁৰাল উদি হৈ গ'ল। ববফুকন বদনচন্দ্ৰই যাঠি হেজাৰ টকা দিছিল বঙালৰ হাজাৰসিঙক, যাক আকৌ ৰাজনৈতিক ছিটিকাত পেলাই প্ৰতিপ্ৰায়শ্চিত্ত কৰাবলৈ আশা আছিল! কিন্তু, পূৰ্ণানন্দই যি অপ্লাৱিত ধন-সোণ উলিয়াই দিলে, তাক আৰু কোনোবা কাহানিবাকৈ উদ্ধাৰ কৰিব পৰা হ'ব নে? একে সভ্যতাৰ আদৰ্শত পৰিপুষ্ট হোৱা এটা জাতিৰ লগত বিনিময় কৰাটো মঙ্গলজনক নে, ৰঘুমলা হৈ গাছকে ধ্বংস কৰা জাতি এটাৰ লগত আদান-প্ৰদান কৰা মঙ্গলজনক? আগৰটোৱেই যদি সমীচীন হয়, পাছৰ নিচিনা এটাক আমাৰ ওপৰত পঞ্জা পুতিবলৈ সুবিধা দিয়া বাবে বদনচন্দ্ৰতকৈ পূৰ্ণানন্দক কোন গুণে বেছি দূৰদৰ্শী বুলিব পাৰি?

 বদনচন্দ্ৰই জীয়েক পীজৌ আইদেউৰ লগত তমস্কাৰ-তমস্কাৰ আল- ঙ্কাৰপাতি দি লিগিৰী-লিকচৌৰে সৈতে সাতখন চ’ৰা-নাও জোঁৱায়েকব ঘৰলৈ পঠিয়ালেই জানিবা, তাতেনো তেওঁ এনে কি জগৰ লগালে যে তাৰ বাবে পূৰ্ণানন্দব “পুণ্যপ্ৰতাপত” কলুষ-কল্মষ লাগিল? মানুহ