পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৩০ শ্ৰীবেণুধৰ শৰ্ম্মা

নিভাঁজ ৰাজ-ভক্তিৰ পৰিচয় দিবলৈ গৈ দিখৌ ব্ৰহ্মপুত্ৰৰ মাজত জাপ দি পৰিছিল, সেইবিলাকৰ সন্তানেই এতিয়া পূৰ্ণানন্দৰ কাৰ্য-প্ৰণালীৰ ওপৰত খড়গহস্ত হ'ল। নিজে কৰিলোৱা ঘটনাৱলীয়েই পূৰ্ণানন্ক সৰ্ব্বগ্ৰাস কৰিলে—গত্যন্তৰ নেদেখি পাছত তুচ্ছ কথাতেই কালহীৰা চেলেকি তেওঁ নশ্বৰ দেহাৰ অন্ত পেলালে।

  পূৰ্ণানন্দ যদি সৰ্ববগুণীয়েই হ'লহেতন বা তেওঁৰ কিঞ্চিতমানো দীৰ্ঘ-দৃষ্টি থাকিলহেতেন, তেওঁ কেতিয়াও শতৰামৰ লগত সহযোগী থকা বুলি বদনচন্দ্ৰ বৰফুকনক ধৰিবলৈ মহেশ্বৰ পৰ্বতীয়া ফুকনক নপঠি- য়ালেহেতেন। উজনিত বঢ়াগোহাঞি ডাঙৰীয়া যেনে প্ৰতাপী, ভাটিত বদন বৰফুকনো তেনে প্ৰতাপী। যিজন ৰজাৰ সন্মতিৰে পূৰ্ণানন্দ বুঢ়াগোহাঞি হ’ব পাৰিছিল, সেইজন ৰজাবহা সিংহাসনৰপৰাই বদনচন্দ্ৰও ভাটীত বৰফুকন হৈছিল। চন্দ্ৰকান্তসিংহক ৰজা পতাত পূৰ্ণানন্দৰ যেনে স্বাৰ্থ, বদনচন্দ্ৰৰোো তেওঁক সেৱা কৰি থকাত তে স্বাৰ্থ।

  প্ৰথমবাৰ বৰফুকন হৈ থাকোঁতে, বদনচন্ৰদ্ৰ পৰামৰ্শমতেহে দৰ্ত্তৰাম" বিকা মজিন্ৰব আদিক পঠিয়াই বৃটিছৰ সাহায্য-প্ৰাৰ্থনা কৰা হৈছিল। বৃটিছ-সেনা আহি পালতহে পূৰ্ণানন্দই মোৱমৰীয়া উপদ্ৰৱৰ হাত সাৰিব পাৰিছিল। উজনিৰ জেঙা-জঞ্জাল বুঢ়াগোহাঞে যেনেকে ভাঙিব লাগিছিল, ভাটীৰ জেঙা-জঞ্জালো বৰফুকনে হে তেনেকৈ ভাঙিব লাগিছিল। এনে স্থলত, সমানে প্ৰতাপী পূৰ্ণানন্দই বদনচন্দ্ৰক শতাই নাৰকিৰ লগৰ ৰাজ-বিদ্ৰোহী বুলি সন্দেহ কৰিব নালাগিছিল। সমানে সমানক অবজ্ঞা কৰাতকৈ মহা অনিষ্টকৰ একো হ’ব নোৱাৰে-- বিশেষকৈ দেশ-শাসনত।