পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দেশদ্ৰোহী কোন—বদন নে পূৰ্ণানন্দ

ৰাজবিদ্ৰোহী৷ গোঁসানী পূজা নকৰি, গোঁসাই-পূজা কৰিলেও হ’ল ষড়যন্ত্ৰ কৰা, বৰফুকনে জীয়েকৰ লগত মানীৰ মান ৰক্ষা কৰি সাতখন চ’ৰা-নাও ভৰাই যৌতুক দ্ৰব্য-বস্তু দিলে, সিও হ’ল সিংহাসন-আক্ৰোহী। সামান্য মানুহ শতৰামে জানিবা স্বৰ্গদেৱে পিন্ধিব লগীয় চোলা এটা পিন্ধিলেই, আৰু সেই চোলা পিন্ধা বাবে ভুলকৈ কোনোবাই ৰজা বুলি সৈৱাকে জনালে বা, তথাপি তাৰে প্ৰতিশোধ ল'বলৈ গৈ পূৰ্ণানন্দই সমূহীয়া হিছাপে দেশৰ মুখিয়াল মানুহবোৰকো ৰাজ-বিদ্ৰোহত লেটপেটাব পায় নে? ৰাজহুৱা আৰু ব্যক্তিগত স্বাৰ্থ ৰাজনীতি তুলাচালনীত সমানে জুখিব নোৱাৰি। এইদৰে সকলোকে বৈৰী-ভাব কৰি পূৰ্ণানন্দই গৰ্হিত কাম কৰিবলৈ কিবা বাকী থলে নে?

  জগ চাৰিঙীয়া-বৰুৱা, মধু ওজা, চাওডাঙৰ চন্দৰ শইকীয়াৰ চকু কাঢ়িলে; বলোৰাক ধুমেৰে খুন্দিলে, দুতিৰামক আঁচোৰাৰেে আঁচুৰিলে, লখী আৰু হলিক কুঠাৰেৰেে ঘপিয়ালে; গুৰুদত্ত চাংকাকতীৰ নাক আৰু বাওঁকাণ কাটিলে; লক্ষ্মীধৰ চাংকাকতীৰ বাওঁ কাণ কাটিলে; ধনাইক শালত চেপিলে; লুতুমক কৰতেৰে কটোৱালে; বুদু ওজাৰ জিভা কটোৱালে; খনিকৰৰ ৰামক বৰশীত দিয়ালে; দামোদৰ আৰু কুকুৰা-চোৱা লেখাৰুক কেঁচাইখাঁতী গোসানীৰ আগত বলি দিয়ালে।

  প্ৰজাৰ প্ৰত্যেক কাৰ্য্যতে যেতিয়া এনেকৈ ৰজা-ঘৰে ষড়যন্ৰৰব বিভী- ষিকা দেখিবলৈ হয়, তেতিয়া সেই ৰজা বা তেওঁৰ শাসনৰ পতন অনিবাৰ্য্য। “বিচক্ষণ ৰাজনৈতিক মন্ত্ৰী, মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়াৰ“ তথাকথিত স্বদেশ-প্ৰেমৰ আহুতিত শ-শ হৃষ্ট-পুষ্ট, বলিষ্ঠ, কৰ্ম্মিষ্ঠ লোকে অনাজগৰতে জীৱন জাহ দিব লগীয়া হৈছিল; যাৰ পূৰ্ব্বপুৰুষসকলে