গোহাঞিৰ ৰীতিয়া-মতলৈ ইমান আক্ৰোহ হৈছিল যে পানীমুৱাৰ লগত একেলগে খোৱা-বোৱা কৰে বুলি, তেওঁৰ নিজা জেঠেৰিয়েক এজনকো মৰাই পেলাইছিল। ধৰ্ম্ম-মতৰ সামান্য প্ৰভেদ এটিত লাগিয়েই পূৰ্ণানন্দ ৰাজমন্ত্ৰীয়ে বাছ-বিচাৰ নকৰাকৈয়ে ৫০০-কৈ মানুহ নিষ্ঠুৰভাৱে হত্যা কৰোৱায়। বুঢ়াগোহাঞিৰ চৰিত্ৰৰ ওপৰত এই হত্যাকাণ্ডই ভীষণ কলঙ্কৰ গভীৰ কালিমা নবহুৱায়নে?
লাক্লি ডাপচেউত অৰ্থাৎ ইং ১৮০৬ চনত, কমলেশ্বৰসিংহৰ মৃত্যু হ’লত বুঢ়াগোহাঞিৰ উদ্যোগতেই সেই কেনা লগা ৰজাৰ ভায়েক চন্দ্ৰকান্তকে সিংহাসনত বহুৱা হ'ল। দেশৰ আৰ্থিক অৱস্থাৰ চেলু লৈ তেওঁৰ অভিষেক-উৎসৱো পাতিবলৈ নহ'ল। ল’ৰা চন্দ্ৰকান্ত ল'ৰা ধমালিত মগ্ন; বুঢ়া পূৰ্ণানন্দ আপোন অভিলাষ পূৰোৱাত ব্যস্ত।
কমলেশ্বৰৰ দিনত সমন্ধীয়া মানুহেৰে ৰাজসভা গঠন কৰাত যিখিনি ক্ৰটী থাকি গৈছিল, এতিয়া চন্দ্ৰকান্তুৰ ভনীয়েক মাজিউ আইদেওক পূৰ্ণানন্দৰ পুতেকলৈ, সৰু আইদওেক লানমাখৰুব লম্বোদৰ ফুকনলৈ বিয়া কৰাই সেইখিনি পূৰ কৰা হ'ল। গৌৰীনাথৰ ৰাজত্বত গুটি পচোৱা, কমলেশ্বৰৰ দিনত শিপোৱা পূৰ্ণানন্দৰ স্বাৰ্থপৰতা, পৰশ্ৰী কতৰতা আৰু অহঙ্কাৰ কণিবিহ এতিয়া চন্দ্ৰকান্তৰ ভোগত সংক্ৰামক ৰূপে কেউফালে বিয়পিবলৈ ধৰিলে। সকলোৱেই গাবলৈ ধৰিলে-- মন্ত্ৰী বিদ্ৰোহৰ কথা--দেশ-দোহৰ কথা নহয়। ৰাজ-বিদ্ৰোহ কৰি পূৰ্ণানন্দৰ অসীম ক্ষমতাৰ পঞ্চত্ব পোৱাব পাৰিলেই ৰাজ্য-ৰক্ষা হয়।
কিন্তু, তাকে কৰিবলৈ ৰাজক্ষমতাৰ কৱচ পিন্ধা পৰ্ণানন্দই কেতিয়াও চল নিদিছিল। প্ৰজাৰ ভাব-গতি দেখি তেওঁ উন্মত্তৰ দৰে হৈছিল চন্দ্ৰকান্ৰব অভিষেক নহ’ল বুলি যদি কোনোবাই কলে, তেওঁ হ’ল