পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দেশদ্ৰোহী কোন—বদন নে পূৰ্ণানন্দ

কমলেশ্বৰসিংহ নাম দি, ৰজা পাতি, সাক্ষী অৱস্থাতকৈ তেওঁ নিজেই ৰাজ- কাৰ্য্য কৰিবলৈ ধৰিলে। পূৰ্ণানন্দৰ ইও এক ক্ষমতাৰ আৰ্য প্ৰয়োগ-- আৰয নহ'লেও দেখা-দেখি অপপ্ৰয়োগ!

তদুপৰি, কিনাৰাম, ওৰফেে কমলেশ্বৰসিংহৰ দেউতাকে শলগুৰীয়া মহাজনত নাম-কথা বা শৰণ লৈছিল। এতিয়া, ৰজা হ’লত, বুঢ়া- গোহাঞিৰ সূচনি আৰু ৰাজমাওৰ আদেশ-অনুসৰি কিনাৰামে তান্ত্ৰিক পথ ল'ব লগীয়া হ'ল। এই কথাত শলগুৰিৰ মহাজনত শৰণ লোৱা শিষ্যবৰ্গ বুঢ়াগোহাঞিৰ বিপক্ষে মূৰ দাঙি উঠিল। আৰু বুঢ়াগোহা- ঞেও সেই শিষ্যবিলাকক মাৰি নিষ্কণ্টক হ'বলৈ উঠি-পৰি লাগিল। পাৰোঁতে নো, গৌৰীনথিসিংহৰ ভাৰ্য্যা কমলেশ্বৰী দেৱীয়ে ইষ্ট ইণ্ডিয়া কোম্পানীক সহায় খুজিছিলগৈ নে? লাক্লি মুংৰাও শকত (ইং ১৭৯৮ ছনত) পানীমুৱা নামে এজন মানুহে গজলা -মহন্তক গুৰু লৈ জাতি বিচাৰ নকৰি একেলগে বহি, ৰাতি-ৰাতি সবাহ পাতি খোৱা-বোৱা কৰিছিল। ইয়াকে ৰীতিয়া-মত বোলা হৈছিল। সেই সবাহত বুঢ়াগোহাঞিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে বুলি পানীমুৱা আৰু গজলা-মহন্তক ধৰাই অনাই মহন্তক গাধত তুলি অৰণ্যলৈ মেলা হ’ল। পানীমুৱাক চৌআলিৰ মাজত লোৱা লগাই থৈ তাৰ সাক্ষাতে ৰীতিয়া-মতত চলা মানুহবোৰক এফালৰপৰা হত্যা কৰি যোৱা হ'ল।

  বুঢ়াগোহাঞিৰ আদেশত কোনোৰ চকু কাঢ়া হ’ল. কোনোক বনলৈ খেদা হ'ল, কোনোক আকৌ ফাঁচী-বৰশীত দিয়া হ'ল। আলিয়েদি যোৱা কোনোবা বাটৰুৱাক পানীমুৱাকৈ যদি, “হেৰা ককাই! একে- লগে খাইছিলো-বৈছিলো, এতিয়া মাত এষাৰকে নলগোৱা?" বুলি মাত দিলে, তেন্তে সেই বাটৰুৱাৰো পিঙৰ ওপৰত প্ৰাণ গ'ল! বুঢ়া-