পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীবেণুধৰ শৰ্ম্মা

কেইটাই অসম দেশক জুলুকি-জুলুকিকৈ শিকালে। দেশৰ ধৰণী হৈ এনেভাৱে কৰ্তব্যত অওহেলা কৰাটো সুনিপুণ সেনাপতিৰ পক্ষে শোভা পায় নে? বিপদৰ আগ-চুলিত ধৰিবলৈ সষ্টম নোহোৱা বা হ'ব নোখোজাবাবেই দেশখন ৰলাতললৈ নগল নে? এই অৱিমৃষ্যকাৰিতাত ৰাজ্যৰ প্ৰধান মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞি কিমান পঙ্কিলভাৱে নিমজ্জিত, তাক ভাবি চাব লগীয়া।

  গৌৰীনাখসিংহ স্বৰ্গী হোৱাৰ পিছত ক্ৰমান্বয়ে পাত্ৰ-মন্ত্ৰীসকলৰ ঘাই-ঘাই কেউজনেই বুঢ়াগোহাঞৰব আপোন-নানুহ হ'বলৈ ধৰিলে। পূৰ্ণানন্দ নিজেই বুঢ়াগোহাঞি-ৰাজসভাৰ প্ৰধান ডাঙৰীয়া; ভায়েক দোকাষৰীয়া বৰুৱা, ভতিজাক মৰঙি-খোৱা, নিচাৱেকৰ পুতেক ৰাজনেওগ-ফুকন, পুথাৱেক বিলগতীয়া-পানীফুকন, ডেকাফুকন, ইত্যাদি। স্বৰ্গদেৱ কমলেশ্বৰসিংহৰ নিৰ্ব্বাচনো এক অসন্তোষৰ সংক্ৰামক বীজ। সেই বীজো ৰ’লে পূৰ্ণাবন্দ বুঢ়াগোহাঁঞেই।

  শিঙৰি-ঘৰত তুলি, সিংহাসনত বহুৱাই ৰজা পাতিবলৈ হ'লে, ৰাজকোঁৱৰজনাৰ বংশত কলঙ্ক বা “শৰীৰত ক্ষুণ থাকিব নালাগিব-- নিৰ্ব্বিকাৰভাৱে সৰগ-দেৱতা ইন্দ্ৰব বীৰ্য পুৰষানুক্ৰমে লৈ আহিব লাগিব। কিন্তু কমলেশ্বৰসিংহৰ গাত এই দুটা গুণৰ এটা গুণো নাছিল। গদাধৰসিংহৰপৰা বাঢ়ি অহা কোঁৱৰ হ'লেও, তেওঁৰ পিতৃ পিতামহৰ গাত আহোম-তেজৰ পৱিত্ৰতাত ওখল লাগিছিল। সেই বাবে পূৰ্ব্বাপৰ চলি অহা ৰজাঘৰীয়া নিয়মমতে তেওঁক ৰজা পাতিব নালাগি ছিল। কিন্তু, “বুঢ়াগোহাঞে গৌৰীনাথসিংহ মৃত হোৱা দিনাই ছলেৰে ধৰি ৰজা পতা বিষয়া বৰবৰুৱাক মাৰিলে আৰু ৰজা পতা কামখিনি নিজে কৰি পূৰ্ব্বপুৰুষত ছিদ্ৰ থকা কিনাৰামক আনি