পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১১৮ শ্ৰীবেণুধৰ শৰ্মা

এনে অধঃপতনৰ হেতু বিচাৰি, উজাই গৈ, গুৰিত এজন ৰাজ- পুৰুষেই আছিল বুলি সকলোৱে আঙুলিয়াই দিয়ে। ৰাষ্ট্ৰীয় স্বাধীনতা লুপ্ত হ’বৰ উপক্ৰম, যদিও অলপ আগৰেপৰাই উদ্ভৱ, তথাপি এইজন ৰাজপুৰুষৰ গাতেই সকল দোষ আৰোপণ কৰা হৈছে। এওঁ হেনো ৰাজহন্তা, বিশ্বাসহন্তা, দেশদ্ৰোহী, সঙ্কীৰ্ণনা, দেশৰ শান্তি সংহাৰ- কৰোঁতা আৰু শত্ৰুক আগমঙহ দেখুৱাওঁতা। এৱেঁই হৈছে বুৰঞ্জী- বিখ্যাত বদনচন্দ্ৰ বৰফুকন। এজন দায়িত্বপূৰ্ণ বিষয়াক ইমানবোৰ দুষিত বিশেষণেৰে কলুষিত কৰাৰ আগেয়েই স্বভাৱতে এটি প্ৰশ্ন উঠে—সঁচাকৈয়ে বদনচন্দ্ৰ বৰফুকন দেশদ্ৰোহী নে?

  নিৰপেক্ষভাৱে বুৰঞ্জীৰ পম খেদি গলে, অসমৰ অস্তগামী সূৰ্য্যৰ শেঁতা পোহৰৰ তলত দুজন ৰাজপুৰুষৰ স্বভাৱ-চৰিত্ৰ, সন্ধি-অভিসন্ধি আৰু কাৰ্য্য-কলাপে আপোনা-আপুনি দেখা দিয়েহি। এজন সকলোৱে কোৱা বদনচন্দ্ৰ; আৰু ইজন পূৰ্ণানন্দ। বদনচন্দ্ৰ বৰফুকন ৰঙচিলা দুৱৰাৰ ঘৰৰ। পূৰ্ণানন্দ, ৰাজমন্ত্ৰী কুৱৈগঞা বুঢ়া-গোহাঞ্চিঘৰৰ। দুয়োঘৰ শিৰ-ফুটা; দুয়োঘৰ প্ৰাচীন। কিন্তু, কালৰ কি লীলা! বদনচন্দ্ৰ হ’ল দেশদ্ৰোহী, অদূৰদৰ্শী, কূটশাল আৰু স্বাৰ্থপৰ; পূৰ্ণানন্দই নাম পালে স্বদেশপ্ৰেমিক, চিন্তাশীল কাৰ্য্যপ্ৰিয় আৰু অসাধাৰণ ৰাজনীতিজ্ঞ পুৰুষ-যাৰ তুলনা দিবলৈ সেই সময়ত আৰু আন এজন পুৰুষ ভাৰতবৰ্ষত নাছিল। অকল সেয়ে নহয়, তেওঁ ৰাজতন্ত্ৰৰ পুনৰ জন্মদাতাও। আয়ু-বট-বৃক্ষৰ ডাল-পাত, শিপা-ঠেঙুলিৰ দৰে আজিও আমাৰ মনত এইবোৰ ধাৰণায়েই ছাটি ধৰি আছে। এনে ছাটনীৰে বান্ধ খাই থকা অৱস্থাত, ওলটা-ওভতাকৈ এজনৰ চৰিত্ৰ-ভূষণ ইজনৰ চৰিত্ৰ-কলঙ্ক বুলি ক'বলৈ গ'লে বা দুয়োজনকে তাৰ সমভাগী কৰি-