পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দেশদ্ৰোহী কোন—বদন নে পূৰ্ণানন্দ?

 এসময়ত আমাৰ দেশত আমাৰ স্বতন্ত্ৰতা সম্পূৰ্ণ অক্ষুণ্ণ আছিল। এসময়ত আমোঘা-গৰ্ভ-সম্ভূত মহাবাহু ব্ৰহ্মপুত্ৰ নদৰ বুকুৰ ওপৰত স্বাধীনতাৰ দীপ্তিমান দিনমণি হিৰণ কিৰণেৰে তিৰবিৰাই আছিল। পৰাধীনতাৰ পিঞ্জৰাত সোমাই গিৰি-নদ-বেষ্টিত, দেৱৰো ইপ্সিত নন্দনবন-হেন দেশখনত মুক্ত বায়ু কাক বোলে, কোনেও কাকো সুধিব লগীয়া নহৈছিল। একে লালীয়ে ছশ বছৰকৈ চলি থকা স্বাধীনতাৰ যুগ এটি ধ্বংস হ'ব বুলি কোনেও স্বপ্নতো ভাবিব নোৱাৰিছিল। কিন্তু, ‘‘নিয়তিঃ কেন বাধ্যতে?" ৰাজ্যভ্ৰষ্ট হ'বৰ সময়ত ৰজা আৰু ৰাজ-বিষয়াবিলাকৰ মতিচছন্ন হয়; অহঙ্কাৰ, ডাঙ্কোপ আৰু হত বুদ্ধিয়ে শ্ৰীবৃদ্ধি-শালী দেশখনকো ক্ষয় কৰে। সেইদৰে, আমাৰো ইঘৰ-সিঘৰৰ মাজত খিয়লা-খিয়লি, হিংসা-হিংসি, চকু-চৰহালি, কাপুৰুষালি আৰু ৰাজ-বিষয়াবিলাকৰ মাজত ক্ষমতাৰ অঁৰিয়া-অঁৰি হৈ থকাত স্বতন্তৰীয়া যুগ এটি চকু চাওঁতেই ভস্মীভূত হৈ গ'ল। বুৰঞ্জী-পুথিৰ এইবোৰেই শিকনি। ৰাষ্ট্ৰীয় স্বাতন্ত্ৰ্য ৰক্ষা কৰিবলৈ স্বাধীনতাৰ পাটকাই পৰ্ব্বতটো যিমান ওখ হৈ জিলিকি আছিল, সেই স্বতন্ত্ৰতা ধ্বংস হ’লত পৰাধীনতাৰ পাটনাদত পৰি সি সিমান দলৈ খহি গ'ল। এতিয়া সেই বামো নাই, অযোধ্যাও নাই। ৰাজবংশ আছে—ৰাজ্য-বৰ্দ্ধনৰ শক্তি নাই। সমৃদ্ধি-সমল আছে- সামৰ্থ্য নাই। অস্তিত্ব আছে—সিও জড়। জড়-ভৰত হৈ জীয়াই আছে মাথোন—ধাৰাবাহিকৰূপে গঠিত হৈ অহা দূৰ ভৱিষ্যতৰ মহৎ আকাঙক্ষা এটি।