পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
শ্ৰীনীলমণি ফুকন

প্ৰাদেশিক ভাষাৰ বিভিন্ন সাহিত্যত শব্দৰ যোজনা বিভিন্ন ৰকমৰ, ব্যাকৰণৰ সূত্ৰবিলাকৰ দীঘ-বানি বেলেগ, শব্দৰ প্ৰয়োগো আনেক স্থলত নিমিলে। তাৰ উপৰি বৰ্ণভেদ, অলঙ্কাৰ-পাতি, পিন্ধা-উৰা আৰু ধৰণ-কৰণৰো প্ৰভেদ আছে। ভিন ভিন প্ৰদেশৰ যিদৰে পিন্ধন-উৰণ, চলন-ফুৰণ, খোৱা-লোৰ ৰুচি-ভেদ আছে, সেইদৰে সাহিত্যতো আছে। ভাল হ'লেও এইবিলাক বিষয়ত লোকৰ হুবহু অনুকৰণ যিদৰে স্বাভাৱিক হ’ব নোৱাৰে আৰু নুশুজেও, সেইদৰে লোকৰ ভাষা আৰু সাহিত্যৰ হুবহু অনুকৰণ কৰিলেও তাত জাতীয় প্ৰাণৰ উৎস পোৱা টান। লোকৰ হুবহু অনুকৰণ শাৰীৰিক, মানসিক, আধ্যাত্মিক দুৰ্ব্বলতাৰ চিন। অনুকৰণ কোনো ক্ষেত্ৰতেই স্থায়ী হ’ব নোৱাৰে। অৱশ্যে সম্পৰ্ণৰূপে গ্ৰহণ কৰি নিজস্ব কৰিব পৰা কথা সুকীয়। তাত বল-বৃদ্ধি হোৱাৰেই কথা।

শ্ৰীনীলমণি ফুকন