কিন্তু প্ৰত্যেক বছৰেই একোটা নতুনত্ব লৈ আহে যেন অনুভৱ হয়।
মানৱ-সমাজৰ সকলোবিধ পবিৱৰ্ত্তনতো এই কথা খাটে। কেৱল
সাহিত্যৰ পুৰণি কথাবিলাক লাৰি-ছাৰি তাক আৰু পুৰণি কৰিবৰ
উদ্দেশ্য হ’ব নালাগে। তাৰপৰা নতুন ৰস উলিয়াই সাহিত্যক আৰু
অমৃতময় কৰি তুলি মুখত যাচি জাতিটোক অমৰ কৰি তুলিব পাৰিব
লাগে। কোনো দেশৰ শিক্ষিত সমাজে আধুনিক সাহিত্য সৃষ্টি কৰোঁতে
যদি সেই সাহিত্যই নিজৰ গঢ়-গতি এৰি আহিবলৈ ধৰিছে যেন
অনুমান হয়, তেন্তে বুজিব লাগিব যে, সেই সমাজৰ সাহিত্যৰ ধাৰ
ক’ৰবাত একেবাৰে ছিগিছে বা ঘাই শিপা কটা পৰিছে। তেতিয়া
সাৱধান হোৱা উচিত। দেশৰ গাৱঁলীয়া সাহিত্যকো শিক্ষিতসকলে
অৱহেলা কৰিলে নচলিব। সেইবিলাকেই সাহিত্যৰ গা-গছ ফলে-
ফুলে পল্লৱিত, সুশোভিত হৈ উঠাৰ জোখাৰে ৰস টানিব পৰা ঘাই
শিপাৰ পালি-শিপ। সেইবিলাক শিপা কাটি পেলালে বা কোনো
কাৰণত শুকাই গ'লে গা-গছডালো লেৰেলি বলী হৈ উঠা টান হৈ
পৰে। গাৱঁলীয়া সাহিত্যত জাতীয় জীৱনৰ বহুতো গভিীব তথ্য
পোত খাই থাকে। তাক উলিয়াই ঘঁহি পিহি চক্চকীয়া কৰি ল'লে
সিয়েই সাহিত্যৰ ডিঙিত আকৌ গলপতা হৈ জিলিকি উঠে ।
সাহিত্যৰ ঠাঁচ বোলা কথাটোৰ মূল্য বেছি। সেয়ে নোহাৱা হ'লে
আজি সংস্কৃত-মূলক ভাৰতীয় প্ৰাদেশিক সাহিত্যবিলাকৰ মাজত বিশেষ
একো প্ৰভেদ নাথাকিলেহেঁতেন। জাতীয় সাহিত্যৰ বিশেষত্ব ৰক্ষা
কৰিবলৈ হ'লে, এই ঠাঁচ এৰি লিখিলে নচলিব। শব্দৰ সমষ্টিয়েই
যিদৰে একোটা বাক্য হ'ব নোৱাৰে, সেইদৰে কিছুমান বাক্যৰ ৰচনাই
একোখন সাহিত্য হ'ব নোৱাৰে। সংস্কৃতিমূলক হ'লেও ভাৰতৰ
পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১১৭
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৫
সাহিত্যই জাতিৰ দাপোণ
