অঙ্গ-প্ৰত্যঙ্গ প্ৰতিফলিত হয়। সময়ত নিজৰ গাটো দাপোনত নাচালে
যেনেকৈ গাৰ কোন ঠাইত মলি বন্ধ গৈছে ধৰা টান, তেনেকৈ সাহি-
ত্যত জাতীয় মন আৰু আত্মা প্ৰতিফলিত নহ'লে জাতিৰ মানসিক আৰু
আধ্যাত্মিক বৃত্তিবিলাক কিমান দূৰ মলিয়ন হৈ পৰে, তাক সঠিককৈ
ধৰা টান। অতি কঠিন লো এডোখৰকো মাজে সময়ে জুলীয়া ৰহণ দি
নাথাকিলে যিদৰে মামৰে ধৰে শেষত খাই পেলায়, সেইদৰে সকলো
ফালে বলী জাতি এটাৰ ওপৰতো যদি সাহিত্য-কলাৰ প্ৰভাৱ নপৰে
তেনেহ'লে সেই জাতিক সময়ৰ মামৰে খাই ভূমিসাৎ কৰিবলৈ বেছি
কাল নালাগে। আজ-কালি বহুত নগৰৰ নাম-ঘৰত বিজুলী পোহৰ
দিবলৈ সুবিধা আছে আৰু কোনো কোনো নাম-ঘৰত দিয়াও হৈছে।
তথাপি থাপনাৰ ওপৰত তেলৰ বন্তি এগছ দিয়া হয়। এইগছ বন্তিত
বৰ্ত্তমান যুগৰ পোহৰ নাই যদিও, তাত এটি সুকীয়া আধ্যাত্মিক পোহৰৰ
নিদৰ্শন আছে। সেই বাবেই তাৰ ঠাই বৈজ্ঞানিক বিজুলী পোহৰেও
ল'ব পৰা নাই। এটা জাতিৰ সাহিত্য ফলাৰ প্ৰভাৱো আপোনাৰ
আগত থোৱা বন্তিগছৰ দৰে নিজৰ আধ্যাত্মিক পোহৰ দিব পৰা বস্তু
হ'ব লাগিব। বাহিৰৰ বিজুলী চাকিয়েও সেই কাম সাধিব নোৱাৰে।
প্ৰত্যেক জাতিৰেই সুকীৰা জাতীয় আত্মা আছে। সেই আত্মাৰ
পাহৰত লিখা সাহিত্যই সদায় উজ্জ্বল হৈ থাকে; তাৰ পোহৰত লোৱা
চিত্ৰই নিজৰ প্ৰতিকৃতি হুবহু ৰূপে দেখুৱায়।
সাহিত্যৰ এটা সুকীয়া ঠাঁচ আছে। সেই ঠাঁচত পেলাই তাক
গঢ়াৰ প্ৰয়োজন। এই বিষয়ে ওপৰ-চকুৱা হ'লে সাহিত্য-ক্ষেত্ৰত পদে
পদে উজুটি খোৱাৰ ভয় থাকে। দেশৰ সাধু-কথা, ফঁকৰা, বহুৱালি কথা,
৮ --