নিজৰ দেশৰ প্ৰাকৃতিক অৱস্থা, সমাজৰ আদৰ্শ, ধৰণ-কৰণ, ধৰ্ম্ম-
ভাব, বতাহ-পানী, ভৌগোলিক পৰিস্থিতি আদি মূল ঠাইৰপৰাহে সাহিত্য,
আৰু ভাষাৰ বীজ গজি সেই ঠাইৰ ৰস টানি, সেই ৰসে পৰিপুষ্টি কৰিব
পৰা জোখাৰেহে স্বভাৱতে সাহিত্য সৃষ্টি হয়। সেই বুলি কলম ধৰা
কথাটোও যে অস্বাভাবিক, সিও হয়। কিন্তু গা-গছডালকে এফালৰপৰা
মাৰি অনা ৰঘুমলাৰ গাত কলম ধৰা গছৰ গুণ থাকিব নোৱাৰে।
মানুহ যিমানেই চহকী নহওক, ধাৰ কৰা ৰীতি সংসাৰত সদায় চলি
আহিছে। নিজৰ ভঁৰাল যিমানেই মেট-মৰা নহওক, আন ঠাইৰ কোনে
এবিধ ভাল ধানৰ সঁচ পালে, তাৰ কঠীয়া দুতোম যত্নেৰে ভঁৰালত থোৱা
আকাঙ্ক্ষা নহৈ নোৱাৰে। সেয়ে হ'লেও, সদায় ধাৰত চলা মানুহক
যিদৰে চহকী বুলিব নোৱাৰি, লোকৰ ধাৰকৰা ডাঙৰিৰে নিজৰ ভঁৰাল
মেট-মৰা বুলি ক'ব নোৱাৰি, সেইদৰে লোকৰ সাহিত্যৰপৰা সদায়
সোপাসোপে ধাৰ কৰি নিজৰ সাহিত্য-ভঁৰাল চহকী কৰা হ'ল বুলি
যথাৰ্থতে কোৱা টান। গছৰ সৌন্দৰ্য বঢ়োৱা কপৌফুলৰ শিপা ডালত
ধৰাবলৈ মানুহে নানাভাবে যত্ন কৰে; কিন্তু ৰঘুমলা লহ্ পহ্কৈ বাঢ়ি
আহিলেও টানি-আজুৰি শিপা কাৰ্টি-ছিঙি দূৰত পেলাই দিয়ে।
সাহিত্যতো এই কথা খাটিব। গা-গছত কপৌ ফুল গ্ৰহণীয়, ৰঘুমলা
বৰ্জ্জনীয়।
জাতিৰ প্ৰাণৰ স্পন্দন সাহিত্যৰ হাওফাওৰ ভিতৰত নিতে হ'
লাগিছে। সাহিত্য জাতিৰ দাপোণ-স্বৰূপ। তাতেই জাতীয় সকলো
পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১১৪
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাহিত্যই জাতিৰ দাপোণ
