আহিল। ....সকলো বিফল হ'ল-দুৱাৰ ভাঙি পোহৰ সোমাল।
কোনোৱে বাধা দিব নোৱাৰিলে। ৰজা পৰাস্ত হ’ল; চাৰিওফালে
ভঙাৰ শব্দ পোৱা গ'ল--কেনোবাই যেন পৰ্বত ভাঙছে, হাবি
কাটিছে ...মহাকাব কাম শেষ হ'ল। আন্ধাৰ পলাল, পোহৰ
সোমাল।
ৰাজ্য চলিবলৈ ধৰিলে, মাথোন আগৰ দৰে নহয়। গছে গছে
সেউজীয়া পাতে দেখা দিলে। বুকুত ফটিকৰ ধাৰ যেন পানী লৈ নৈ
সাগৰলৈ বৈ যাবলৈ ধৰিছে। নানা তৰহৰ ফুলৰ গোন্ধেৰে ৰাজ্য
আমোলমোল হল। ফুলাম পাখিৰে নানা বৰণৰ পখিলা-ফুলে উৰি
ফুলৰ জেউতি চৰালে। সকলো সুন্দৰ হ’ল। মানুহৰ মুখে মুখে
আনন্দৰ হাঁহি বিৰিঙি উঠিল—ল’ৰা-বুঢ়া, তিৰোতাসকলোৰে মুখে
মুখে হাঁহি। নানা তৰহৰ চৰাই আহি গছৰ ডালত পৰি কুৰুলিয়াবলৈ
ধৰিলে-ৰাজ্যৰ আনন্দ চায় কোনে? চাৰিওফালে জয় জয়, ময় ময়-
সুন্দৰ ই ধৰাখনি, সুখৰ আধাৰ। কবি আৰু এতিয়া বলিয়া নহয়--
তেওঁ সকলোৰে মৰম আৰ চেনেহব পাত্ৰ—সকলোৱেই তেওঁক ভাল
পায়, তেওঁৰ লগত ফুৰে, ল’ৰা-বুঢ়া সকলোৱেই তেওঁৰ সমান লগৰীয়া।
কোনোৱে তেওঁৰ লগ এৰিবলৈ নিবিচাৰে।
ৰাতিপুৱা খাই বৈ ল’ৰাবোৰে গৰু চৰাবলৈ লৈ যায়। সেউজীয়া।
পথাৰত গৰু এৰি দি দুপৰীয়া গছৰ ছাঁত সিহঁতে পেঁপা বজাই বজাই
গান গাই ৰং-ধেমালি কৰি থাকে। কেতিয়াবা মাজে মাজে একো-
ডোখৰ ক'লা ডাৱৰ আহি বেলিটো ঢাকি পেলালে সিহঁতে ওপৰলৈ
চাই সিহঁতৰ দেশৰ অতীতৰ দুখৰ কাহিনী কৰুণ সুৰেৰে বিনাবলৈ
ধৰে। সন্ধিয়া মাব যোৱা বেলিৰ হেঙুলী ৰহণেৰে ঢকা পছিম
পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১১২
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১০
শ্ৰীযতীন্দ্ৰনাথ দুৱৰা
