পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৯
পোহৰ

ভাবি মৰিছা?” তেওঁ কয়, “মহাৰাজ, মিছা নহয়। এদিন দেখিব, মোৰ কথা ফলিয়াব। পোহৰ পৰি আপেনাৰ ৰাজ্য সুন্দৰ হৈ পৰিব। তেতিয়াহে বুজিব, মই বলিয়া নহওঁ।”
 মহাকাল আক পোহৰ দুয়ো আহি এই প্ৰকাণ্ড পুৰীৰ কাষ চাপিলহি, আৰ দুৱাৰত ঢকিয়াবলৈ ধৰিলে। ভিতৰৰ পৰা শব্দ হল,
 “কোনে দুৱাৰত ঢকিয়াইছে?”
 “আমি, দুৱাৰ মেলি দিয়াঁ।”
 “কোন তোমালোক?”
 "পিছত বুজিবা, আগেয়ে দুৱাৰ মেলাঁ”
 “নাই, আমি দুৱাৰ মেলিব নাজানো, আমাৰ দুৱাৰ সদায় বন্ধ। এই দুৱাৰৰ কাষতেই মোৰ বোপা, ককা ইত্যাদি সকলো পুৰষানুক্ৰমে দুৱৰীয়া হৈ গ'ল। ময়ো বুঢ়া হ'ব লগীয়া হ'লোঁহি; ইমানদিনে কোনোৱে আমাক দুৱাৰ মেলিবলৈ কোৱা নাই বা কোনোৱে আহি আমাক দুৱাৰ মেলিবলৈ শিকোৱাও নাই। মিছাতে দুৱাব নঢকিয়াবা; য’ৰ মানুহ, ত’লৈ গুচি যোৱাঁ, দুৱাৰ মেলা নহয়।”
 “বেচ কথা, আমি তেন্তে দুৱাৰ ভাঙিম।”
 “অলপ ৰ'বাঁ, মই ৰজাক কওঁগৈ,--ৰজাই সৈন্য-সামন্ত লৈ দুৱাৰ আৰু পুৰী ৰক্ষা কৰক।"
 এওঁলোকে বাহিৰৰপৰ৷ হাঁহি মাৰি ক'লে, “বেচ কথা, ৰজাক সাজু হ’বলৈ কোৱাঁগৈ, আমিও দুৱাৰ ভাঙিবলৈ সাজু হওঁ।”
 ৰজাৰ কাষলৈ খবৰ গ'ল, ৰাজ্যত হুলস্থূল লাগিল। ভয়ত সকলো বিতত হ'ল—ল’ৰা তিৰোতাবোৰে ভয়ত কান্দিবলৈ ধৰিলে। ৰজাই সৈন্য-সামন্ত লৈ দুৱাৰ আৰু পুৰী ৰক্ষা কৰিবলৈ আগ বাঢ়ি