ৰাজ্যত আন্ধাৰৰ অসীম প্ৰতাপ—তাত পোহৰৰ নাম-গোন্ধেই নাই।
ৰজা, প্ৰজা, সৈন্য, সামন্ত-সকলোৱেই আছে, মাথোন নাই পোহৰ।
কত দিন ধৰি তাত এনেদৰে চলি গৈছে, তাক কোনোৱে ক'ব নোৱাৰে।
তাত গছ-লতা আছে, কিন্তু তাৰ পাত সেউজীয়া নহয়, কৌটিকলীয়া
ক’লা। তাত নৈ আছে, কিন্তু তাৰ পানীত সোঁত নাই—বৰণো
আন্ধাৰত ক'লা হৈ গৈছে। তাত চৰাই নাই, চৰাইৰ গান নাই,
পখিলা নাই, ফুলো নাই। তাত অইন জন্তু আছে,—সিহঁতো আন্ধাৰৰ
লগতে মিহলি হৈ আছে। তাৰ মানুহবিলাক ইয়াতেই সুখী। তাত
থকা বস্তুবোৰৰ বাহিৰেযে আন ক'ৰবাত কিবা আছে, তাক তেওঁ
লোকে নাজানেও বা জানিবলৈ ইচছাও নকৰে। তেওঁলোকে ভাবে
যে, তেওঁলোকৰ তাত যি যি আছে, সেয়েই আচল বস্তু আৰু তেওঁ-
লোকৰ নিয়মেই আচল নিয়ম। কোন সময়ত ক’ৰপৰা গৈযে
তেওঁলোকৰ মাজত কেনেকৈ এজন কবি সোমাল, তাক তেওঁলোকে
ক'বই নোৱাৰে। পোনে পোনে তাৰ মানুহবোৰে তেওঁক আচহুৱা
বুলি লগ-সঙ্গ দিছিল, কিন্তু লাহে লাহে তেওঁৰ লগত কথা-বাৰ্ত্তাত মিল
নোহোৱা দেখি তেওঁৰ লগৰপৰা তেওঁলোক আঁতৰি আহিল। তেওঁ-
লোকে মানুহজনক বলিয়া বুলি ভাবি পুতৌ কৰে; কাৰণ, তেওঁ পোহৰ,
সেউজীয়া গছৰ পাত, ফটিকৰ ধাৰ যেন পানী, ধুনীয়া ধুনীয়া চৰাইৰ
গান, ননা তৰহৰ সুগন্ধি ফুল আৰু নানা বৰণীয়া পখিলা, জোন,
বেলি, তৰা আৰু নীল বৰণীয়া আকাশৰ কথা কয়। তেওঁৰ কথাত
ৰজাই হাঁহে, সকলোৱেই হাঁহে, ৰজাই কয়, “তুমি এইবোৰ
বলিয়ালি নকৰি আমাৰ লগতে আমাৰ দৰে থাকাঁ, তোমাৰ মঙ্গল
হ'ব। দেশত নোহোৱা-নোপজ। কথাবোৰ কিয় মিছাতে ভাবি
পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১১০
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৮
শ্ৰীযতীন্দ্ৰনাথ দুৱৰা
