উত্তৰ দিলে-“মোৰ ইচ্ছা। মোৰ গতিও ইচ্ছাময়।” তাৰ মগ্ৰামি
কথা শুনি মোৰ খং উঠিল। মই ক'লোঁ—“মোৰ পুতাইৰ ইচ্ছাটো
ৰব কোবাল দেখিছোঁ। এইবাব তোক লোৰ শিকলি লগাই বান্ধি
থৈ খকৰামুকুটিৰে তোৰ ইচ্ছাৰ দাঁতকেইটাৰ দিহা লগাম ৰ’বি।”
সি ক'লে,-“বান্ধক, মোৰ নো কিটো লোকচান; মোৰ য’তে ৰাতি,
ত’তে কাতি। দাঁতকেইটা সৰাব খুজিছে, সৰাই দিলে মই সন্তোষ
পাম, কাৰণ এনেই দাঁতৰ বিষত মই ত্ৰিভুৱন দেখিছোঁ। দাঁতৰ
ডাক্টৰে একোটা দাঁত সৰাওঁতে পাঁচ টকালৈ ল'ব খুজিছিল। মোৰ
অনেক ধন হানি হ’ব। কিন্তু এটা কথা কৈ থওঁ—লোৰ শিকলিগছ
ক চাই লগাব; ছিগিব লাগিলে একেবাৰে মেক্সিকো বা পেৰু পামগৈ।”
নাজু বুৰ্বুৰণিৰ কথা শুনি নোৰ মনত অলপ সংশয় হ’ল দেই। সই দেখি মোৰ মাতটো আগকৈ মিহি আৰু মিঠা কৰি লৈ ক'লোঁ— ‘বাৰু ইটালীত তই কি দেখিলি, কি শুনিলি, চমুকৈ মোক কচোন। বহকৈ বকলা নেমেলিবি, মোৰ শুনিবলৈ আহৰি নাই; আৰু গা ধুই গুৰু-সেৱা কবি নাম-প্ৰসঙ্গ কৰিববো সময় হৈ আহিল।” সি ক'লে—“বাৰু কওঁ শুনক। কিন্তু এই আপোন খুচিত কৈ যাম, ঘনে ঘনে প্ৰশ্ন কবি মোক আমনি নকৰিব। কৰিলে মোৰ মুখত গজাল মাৰিম, আৰু লঠীয়া দিলেও মোৰ মুখ মেল নাখায়।”
‘আজি-কালি ইটালী বৰ ভাঙৰ হ’ল। আমি আগেয়ে শুনা, সই লেহুকা, কিৰ্কিৰীয়া ইটালী আৰু নাই। দেশখনৰ মানুহ এটাইবোৰ একেমুুঠীয়া হৈ পৰিল। “ফেচিষ্ট” বুলি সিহঁতৰ এটা ডাঙৰ সম্প্ৰদায় উঠিছে। অৱশ্যে ধৰ্ম-সম্প্ৰদায় নহয়। এই ফেচিষ্ট লৰ মানুহেই আজি-কালি ৰাজ্যৰ শাসন-যন্ত্ৰ চলায়। সকলো