পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৭
পোহৰ


পৃথিবী সজীৱ হ'ল। দশৌদিশে এটা আনন্দৰ সোঁত বৈ গ'ল। গছ-লতা, পশু-পক্ষী, সকলোৱে আনন্দেৰে পোহৰক আৱাহন জনালে। পৃথিৱীৰ বুকুৰপৰ মধুৰ ধ্বনিৰে পোহৰৰ স্তুতি উঠিল।

উদয়ং গিৰিমুপেতং ভাস্কৰং ৰুকৱৰ্ণং
নিখিল-ভুৱননেত্ৰমজ্ঞানধ্বান্তহবম্ ।।
প্ৰোজ্জ্বলঞ্জলিঘনং চৰাচৰ-প্ৰাণ-ধৰং
নমাম্যহং তং সৱিতুৰ্ৱ বেণ্যম্ ।।

গম্ভীৰ সুৰেৰে মহাকালৰ মুখৰপৰা উচ্চাৰিত হ'ল “স্বস্তি’। গোটেই জগতত সেই ধ্বনি বিয়পি পৰিল।
 পোহৰে মহাকালক সেৱা জনাই মুখলৈ চাই অলপ পৰ ৰৈ ক'লে, ‘ময়েই জগতৰ প্ৰাণ, সকলো ঠাইতে মোৰ চৰণৰ চাব পৰিছে। আপোনাৰ নিয়মতেই কালৰ চকৰি ঘূৰিছে, নগৰ সাগৰ হৈছে, সাগৰ নগৰ হৈছে। আপুনি আজি ইয়াত কিয়?” “প্ৰয়োজন আছে, কাৰ্য্যকাৰণৰ সম্বন্ধ ক'ত শেষ হয়, কোনে জানে? এতিয়াও এনে ঠাই আছে, যত তোমাৰ চিন পৰাগৈ নাই।" ‘অচিৰিত কথা” বুলি পোহৰ তল মূৰ কৰি ৰ’ল। "সেই কাৰণেই তোমাক লৈ যাবলৈ আহিছোঁ, ব’লাঁ।” “আপুনিয়েই সকলো' এই বুলি মহাকালৰ লগে লগে পোহৰ আগুৱাবলৈ ধৰিলে।
 হাবিৰ মাজেদি দুয়ো গৈ আছে—অটব্য অৰণ্য—বাট-পথ নাই, কিন্তু তেওঁলোক আগুৱাই যোৱাৰ লগে লগে অপোনা-আপুনি বাট ওলাই গৈছে।
 চাৰিওফালে পৰ্ব্বতে বেঢ়া এখন প্ৰকাণ্ড পুৰী। হাবি, বন, পৰ্ব্বতে এনেকৈ ছাটি থৈছে যে পোহৰ সোমাবলৈ সুৰুঙা এটিও নাই। সেই