পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পোহৰ

 এতিয়াও ধৰণীৰ বুকুৰপৰা আন্ধাৰ আঁতৰা নাই। গছৰ পাতৰ আগত পোহৰৰ জিলিঙনি পৰিবলৈ এতিয়াও বাকী। চাৰিওফালে আন্ধাৰ। তাৰ মাজতে যেন জগতে সাৰ সুৰ নোহোৱাকৈ নিজম মাৰি পৰি আছে। বতাহো বলা নাই। এটি গহীন নিস্তব্ধ ভাবে যেন সকলোটি আৱৰি থৈছে।
 অনন্ত মহাসাগৰৰ পাৰত মহাকাল নীৰৱে থিয় হৈ আছে। তেওঁৰ মুখত এটি বুজিব নোৱাৰা ভাব, চকুত শূন্য উদাস দৃষ্টি। তেওঁ নিজৰ ভাবতে নিজে ভোল গৈ আছে। মহাসাগৰৰ ঢৌৱেযে ঘনে ঘনে তেওঁৰ চৰণ ধুৱাই দিছেহি, তালৈ তেওঁৰ ভ্ৰূক্ষেপেই নাই। লাহে লাহে পৃথিৱীৰ বুকুত প্ৰাণৰ স্পন্দনৰ আভাস পোৱা গৈছে-প্ৰকৃতিয়ে যেন টোপনিৰ কোলাৰপৰা সাৰ পাই উঠিবলৈ যো-জা কৰিছে। মাজে মাজে অলপ অলপ জুৰ বতাহ ব’বলৈ ধৰিছে। এটি যেন সজাগ ভাবে জগতৰ মাজত দেখা নতুনকৈ দেখা দিছেহি। পানীবোৰ একো একোবাৰ নীলা, একো একোবাৰ হালধীয়া, ৰঙা বা সেউজীয়া হৈছে। কেতিয়াবা আকৌ সকলো বৰণৰ সান-মিহলি হৈ এটা নতুন বৰণৰ সৃষ্টি কৰিছে। বতাহত পানী কঁপাৰ লগে লগে বৰণৰ ঢৌবোৰে কঁপিবলৈ ধৰিছে। কেনে বিচিত্ৰ বৰণৰ সমাৱেশ—সুন্দৰক আদৰিবলৈ সুন্দৰৰ যেন মধুৰ প্ৰয়াস।
 চাওঁতে চাওঁতে পানীৰ বুকুৰপৰা পোহৰে মূৰ দাঙি উঠি জগত খনলৈ চাই পঠিয়ালে। গোটেই জগত আনন্দত বিভোৰ হ'ল-