পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
সোনাৰাম চৌধুৰী

ৰক্ষা কৰি ৰ’লগৈ। কোল, ভীল, গোণ্ড আৰু ভালেমান হিমালয়বাসী মানুহ সিহঁতৰে বংশধৰ।

 আমাৰ প্ৰাগ্জ্যোতিষো অতি প্ৰাচীন ভূমি। ইয়তো এজাতিৰ পাছত যে আন জাতি আহি প্ৰৱেশ কৰিছিল, তাত কোনো সন্দেহ নাই। ৰায় বাহাদুৰ ডাঙৰীয়াই অষ্ট্ৰিক জাতিকে আমাৰ দেশৰ অতি প্ৰাচীন বুলি লিখিছে। সিহঁতেই নব্য-প্ৰস্তৰ যুগৰ মানুহ বুলি আগতে কৈ অহা হৈছে। সিহঁতৰ অস্তিত্ব আজিও খছিয়া পৰ্ব্বতত আছে বুলি পূৰ্ব্বে কোৱা হৈছে। ডক্টৰ হটন্ ছাহাবৰ উক্তিৰপৰা ভূমধ্য- সাগৰীয় জাতিও অসম সোমাইছিল যে, তাৰ প্ৰমাণ পোৱা যায়। তেওঁ লিখিছে, উৰিষ্যাৰ ভূমধ্যসাগৰীৱ জাতিৰ অন্তৰ্গত উচ্চ শ্ৰেণীৰ মানুহৰ লগত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ব্ৰাহ্মণ, কায়স্থ, কলিতাৰ জাতিগত সাদৃশ্য বা মিল আছে। এই ভূমধ্যসাগৰীয় জাতিয়েই অষ্ট্ৰিক জাতিক ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতলৰপৰা পৰ্ব্বতলৈ খেদা সম্ভৱ। কিন্তু ৰায় বাহাদুৰে দ্ৰাবিড় জাতিয়েহে অষ্ট্ৰিক জাতিক অনেক পূৰ্ব্বে খেদা বুলি তেখেতৰ ‘আৰ্লি হিষ্ট্ৰিত’ লিখে। আল্পীয় জাতিও পূব-ভাৰতলৈ ঠেলি অহা বুলি আগতে কৈ অহা হৈছে। এই জাতিৰপৰা নাগব ব্ৰাহ্মণৰ উৎপত্তি বুলি কয়। সেই ব্ৰাহ্মণৰ অস্তিত্ব আজি-কালি অসমত দেখা নাযায়। আমাৰ অসমীয়া ভাষাত ‘পিশাচী ভাষাৰ' সাঁচ এই জাতিৰ পৰা অহা বুলি ৰায় বাহাদুৰে অনুমান কৰে। দ্ৰাবিড় জাতিও যে আমাৰ দেশলৈ নাহিছিল, এনে বুলিব নোৱাৰি। সিহঁতৰ তেজৰ সাঁচ জালুৱৈ, নদিয়াল, বৃত্তিয়াল, নমঃশূদ্ৰ আদিত আছে। দ্ৰাবিড়ৰ পাছতে বৈদিক আৰ্য্য জাতি আমাৰ দেশত সোসাইছিলহি। ৰায় বাহাদুৰে আমাৰ দেশত আৰ্য্য উপনিৱেশ মহাভাৰতৰ যুদ্ধৰ পূৰ্ব্বে