ডক্টৰ মজুমদাবৰে লিখিছে, দ্ৰাবিড়বিলাক উত্তৰ আৰু দক্ষিণ
ভাৰতৰ নানা ঠাইত নিগাছিকৈ বহাৰ পাছতে, বগা বৰণৰ আৰ্য্যসকল
উত্তৰ-পশ্চিমৰপৰা ক্ৰমে আগবাঢ়ি আহি হিন্দুকুশ পৰ্ব্বত চেৰাই,
আফ্গানিস্থানৰ ভিতৰেদি ভাৰতবৰ্ষত সোমাইছিলহি। দ্ৰাবিড়ীবিলাকে
নতুনকৈ অহা আৰ্যবিলাকক এই কাৰ্যত সিহঁতৰ শক্তি অনুসাৰে বাধা
জন্মাইছিল আৰু দুয়ো জাতিৰ ভিতৰত লেথাৰি নিছিগা যুদ্ধ চলিছিল।
ঋগ্বেদ্বৰপৰা বিবোধৰ ভীষণতা সুন্দৰৰূপে উপলব্ধি কৰিব পাৰি।
কিন্তু হাজাৰো চেষ্টা কৰিলেও দ্ৰাবিড়ীবিলাকৰ সকলো যত্ন বৃথা
হৈছিল। সিহঁতে নিজৰ সুখৰ ঠাইত বৰ্দ্ধিত আক পালিত হৈও আৰু
নানা উপায় কৰিও, উত্তৰ-পশ্চিমৰপৰা জকে জকে নতুকৈ অহা
পৰ্ব্বতীয়া সেই সাহসী মানুহবিলাকৰ সমকক্ষ একোতে হ’ব নোৱাৰিলে।
সিহঁতৰ শই-শই হাজাৰে-হাজবে নানা ঠাইত যুদ্ধক্ষেত্ৰত প্ৰাণ দিলে।
কিন্তু অৱশেষত অনেকে হাৰ মানি আৰ্য্যবিলাকৰ বশ মানিব লগীয়াত
পৰিল। আৰ্য্যবিলাকে সিহঁতৰ দুৰ্গ বা আশ্ৰয়স্থানবোৰ ধ্বংস কৰিলে,
ঘৰ-দুৱাৰ পুৰি ছাৰ-খাৰ কৰিলে আৰু অনেকক দাসত পৰিণত কৰিলে।
আৰ্য্যবিলাকে ভাৰতত কষ্টেৰে জয়-লাভ কৰি, ক্ৰমশঃ গোটেই
পঞ্জাৱ প্ৰদেশ অধিকাৰ কৰিলে আৰু লাহে লাহে সমস্ত উত্তৰ-ভাৰত
জয় কৰি বহিল। ভগনীয়া দ্ৰাবিড়বিলাক আৰু সিহঁতৰ আগৰ
জাতিবিলাকৰ যি নাতি-পুতি থাকিল, সকলো আৰ্য্যবিলাকৰ বশীভূত
হৈ "দাস" হ’ল। কিন্তু দ্ৰাবিড়ী বেছিভাগেই ভাগি দক্ষিণ ভাৰতত
আশ্ৰয় ল'লেগৈ। আন আন ফৈদৰ যি কিছু মানুহ বাকী ৰৈছিল,
সিহঁতে ভাৰতৰ উত্তৰ, দক্ষিণ আৰু পূব ফাললৈ গৈ শত্ৰুৱে সতকাই
আক্ৰমণ কৰিব নোৱাৰা পৰ্ব্বতে-পাষণ্ডে কোনোৰূপে নিজৰ জাতীয়ত্ব
পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১০৫
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
প্ৰাক্-ঐতিহাসিক যুগ
