পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
সোণাৰাম-চোধুৰী


সুমেৰীয় জাতিৰ গাৰ গঢ়-গতি আৰু মুখৰ আকৃতি বৰ্ত্তমান কালৰ দাক্ষিণাত্যবাসী দ্ৰাবিড়ী হিন্দুবিলাকৰ দৰে। এইবোৰ প্ৰমাণৰপৰাই তেখেতে দ্ৰাবিড় জাতিৰ আদি বসতি ঠাই ভাৰতবৰ্ষ বুলি ধৰিছে। এই ভাৰতবৰ্ষৰপৰাই প্ৰাক-ঐতিহাসিক যুগত দ্ৰাবিড় জাতিয়ে উত্তৰ-পশ্চিম সীমান্তৰ গিৰি-সঙ্কট পাৰ হৈ ইৰাণ ৰাজ্য অধিকাৰ কৰিছিল। সিহঁতে তাত বাবিৰুছ অধিকাৰ কৰা সায়ত সেই দেশৰ আদিমবাসীতকৈ সভ্য আছিল। সিহঁতে ধাতুৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰিছিল :সাঙ্কেতিক চিনেৰে মনৰ ভাব প্ৰকাশ কৰিবলৈ শিকিছিল আৰ নানাবিধ শিল্প জানিছিল।
 এই দ্ৰাবিড়ী জাতিৰ গুৰি-গছ যিয়েই নহওক, সিহঁতেযে আৰ্য্য- বিলাক ভাৰতলৈ আহি উপনিৱেশ কৰাৰ পূৰ্ব্বেই উত্তৰ ভাৰত আৰু দাক্ষিণাত্যত প্ৰধান হৈ উঠিছিল, এই কথা অনেক পণ্ডিতে স্বীকাৰ- কৰে। কাৰণ দ্ৰাবিড়ী ভাষাৰ লক্ষণ বৈদিক আৰু ক্লাছিক-সংস্কৃত উভ- য়তে আৰু প্ৰাকৃত বা প্ৰাচীন কথিত ভাষাতে আৰু সেই প্ৰাকৃতৰপৰা উৎপন্ন আধুনিক প্ৰাদেশিক ভাষা মাত্ৰতে দেখা যায়। সম্প্ৰতি এইটোও নিশ্চয় হৈছে যে, দ্ৰাবিড়ীবিলাকৰ উচচ ধৰণৰ সভ্যতাও আছিল। সিহঁতে সকলো ধাতু ব্যৱহাৰ কৰাত সুনিপুণ অছিল। সিহঁতে ডাঙৰ ডাঙৰ কাৰেং, দুৰ্গ আদি সাজিছিল। সিহঁতে বৰ বৰ নাও সাজিছিল আৰু সেইবোৰ নাও বা জলযানেৰে নৈ আৰু সাগৰেদি বেহা-বেপাৰ চলাবলৈ, অনেক দূৰ দেশলৈ গৈছিল আৰু সেই দূৰ দেশৰ উৎপন্ন বস্তু ভাৰতলৈ আনিছিল। সিহঁতৰ ভাষা আৰু সাহিত্যই প্ৰকৃষ্টৰূপে উন্নতি লাভ কৰিছিল। সিহঁতৰ ধৰ্ম্ম পূৰ্ব্ব অৱস্থাৰপৰা উন্নত হৈছিল আৰু সিহঁতৰ কিছুমান দেৱতা আৰ্য্যবিলাকৰ উপাস্য হৈছিল।