পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
প্ৰাক্-ঐতিহাসিক যুগ

 ওপৰত যিবিলাক মত দিয়া গ'ল, তাৰপৰা ভাৰতৰ প্ৰধান দ্ৰাবিড়ী জাতিটো যেন সেইবিলাক জাতিৰ ভিতৰতে জাহ গ'ল এনে দেখুৱায়। কিয়নো উপৰোক্ত মনীষীসকলে স্পষ্টকৈ দ্ৰাবিড়ীবিলাক সম্বন্ধে একো উল্লেখ কৰা নাই, কেৱল ভাষাত দ্ৰাবিড়ী কথাটোৰ মাত্ৰ উল্লেখ কৰিছে। কিন্তু তেওঁলোকৰ এইবিলাক মত এতিয়াও সকলোৱে গ্ৰহণ কৰিছে বুলি ক'ব নোৱাৰোঁ। সেই কাৰণে আমি দ্ৰাবিড়ী জাতি সম্বন্ধে ইয়াত অলপ আলচ কৰিম। পূৰ্ব্বৰ পণ্ডিতসকলে কোনোৱে বা আন ঠাইৰপৰা অহা বুলি লিখি গৈছে। দ্ৰাবিড়ী ভাষা নানা শাখাত বিভক্ত হৈ বিন্ধ্যগিৰিৰপৰা দাক্ষিণাত্য জুৰি প্ৰচলিত হৈ আছে। আজিও তামিল, তেলেগু, কানাড়ী, মালয়ালম্ তুলুৱ আক ওবাণ ভাষাই প্ৰাচীন দ্ৰবীড়ী ভাষাৰ অন্তৰ্গত বুলি পৰিচয় দিছে। বেলুচিস্তানত ব্ৰাহুই বুলি এটা ফৈদৰ মানুহ বাস কৰে; সিহঁতে যি ভাষা কয় সেই ভাষা দ্ৰাবিড়ী ভাষাৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা । এই ভাষা-সাদৃশ্যৰপৰা আৰু দ্ৰাবিড়বিলাকৰ গঢ়-গতি সুমেৰীয় জাতিৰ লগত সম্পূৰ্ণ মিল দেখি, কোনো কোনো পণ্ডিতে অনুমান কৰে যে, দ্ৰাবিড়ীবিলাক গুৰিতে পশ্চিম-এচিয়া খণ্ডৰ মানুহ। সিহঁতে বেলুচিস্তানেদি আহি ভাৰত সোমাইছিলহি।
 কিন্তু প্ৰত্নতত্ত্ববিশৰদ হল ছাহাবে লিখি গৈছে, দ্ৰাবিড়ী জাতিটো অতি প্ৰাচীন কালৰেপৰা ভাৰতবৰ্ষত বাস কৰি আহিছে। ইহঁতে খ্ৰীঃ ৩০০০ বছৰ পূৰ্ব্বেই বাবিৰুছ অধিকাৰ কবি বাবিৰুছ আৰু আসুৰীয় প্ৰাচীন সভ্যতাৰ ভেটি স্থাপন কৰিছিল। সেই দুই ৰাজ্যৰ প্ৰাচীন অধিবাসীবিলাক ছেমিটিক্ জাতীয় আছিল। সেই ছেমিটিক্ জাতিক পৰাস্ত কৰি সুমেৰীয় জাতিয়ে ৰাজ্য স্থাপন কৰিছিল। সেই প্ৰাচীন