সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুর্থ অধ্যায় । ৩১শৰ পৰা ৩৩শ পাঠ—সন্ধি । আমি কথা কওঁতে যিবোৰ শব্দ ব্যৱহাৰ বৰোঁ সেইবোৰৰ দুটা তিনটা শব্দ কেতিয়াবা একেলগে জোৰা লগাই কওঁ ; যেনে :——দেৱ, আলয়' নকৈ ‘দেৱালয়’ কওঁ, ‘মহা ইন্দ্ৰ’ নকৈ ‘মহেন্দ্ৰ’ কওঁ, ‘স্ব ইচ্ছা আচাৰ' নকৈ ‘স্বেচ্ছাচাৰ কওঁ। জোৰা লগা শব্দবোৰ এনেদৰে মিলি যায় যে তাক এটা শব্দ যেন দেখি । এইদৰে শব্দ জোৰ৷ লগাকে সন্ধি বোলে । জোবা কেনেকৈ লাগে তোমালোকক দেখুৱাওঁ, চোৱা :— দেৱ + আলয় দেৱালয় । ইয়াত ‘আলয় ৰ ‘আ’ লোপ হৈ ‘ৰ'টো আকাৰ এটা যোগ হৈছে ; কেনেকৈ নো ‘আ’ লেন। পালে আৰু আকাৰ যোগ হল চাওঁহ ক— দ্ +এ+ৱ, + অ, মিলি ‘দেৱ' হৈছে । অ।+ন্+অ+য়+ অ মিলি ‘আলয়' হৈছে । তেনেহলে ‘দেৱ' শব্দৰ পাছত থকা অ আৰু 'আলয়’