সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭শৰ পৰা ৩০শ পাঠ—পদ-পৰিচয় । ১। ইয়াৰ আগৰ পাঠলৈকে আমি সচৰাচৰ কোৱা কথাবোৰ সংক্ষেপে আলোচনা কৰা হল । আমি আদিৰেপৰা দেখি আহিছোঁ, বাক্যবোৰৰ ভিতৰত থকা প্ৰতিটা পদ পৰস্পৰ সম্বন্ধ থকা ; বাক্যৰ ভিতৰত এনে এটা শব্দ আমি এতিয়ালৈ পোৱা নাই যাৰ আন শব্দৰ লগত অলপো সম্বন্ধ নাই ৷ বাক্যৰ ভিতৰত থকা পদবোৰৰ এটাৰ লগত আনটোৰ কি সম্বন্ধ তাক 'ঠিক কৰাকেই পদ-পৰিচয় বা পদান্বয় কৰা বোলে । २ বিশেষ্য পদৰ পৰিচয় দিবলৈ হলে— কি বিশেষ্য, কোন লিঙ্গ, কোন বচন, কি পুৰুষ, কি কাৰক—এই কেইটা কথা বিচাৰি উকাব লাগে ; কাৰকৰ কোন ক্ৰিয়াৰ লগত যোগ আছে তাক দেখুৱাৰ লাগে । সম্বন্ধ পদ হলে, কোন পদৰ লগত সম্বন্ধ তাক উল্লেখ কৰিব লাগে । ৩। বিশেষণ পদৰ পৰিচয় দিবলৈ হলে— কি বিশেষণ, আৰু কাক বিশেষ কৰিছে কৰ লাগে ৷