সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫শ পাঠ—সম্বোধন পদ । ১। (ক) হেব৷ ককাই ! তুমি কলৈ যোৱা ? (খ) ধনবৰ ! এই ফালে নাহা নে ? (গ) হে প্ৰভু ! তুমি যোৰ দুখ নেদেখা ! ওপৰৰ বাক্য কেইটাত থকা ‘ককাই', 'ধনবৰ' ; আৰু ‘প্ৰভু’ এই কেইটা শব্দ বিশেষ্য। কিন্তু ইহঁতক মানুহ আৰু দেৱতাক মতাত ব্যৱহাৰ কৰা হৈছে। যদিও ইহঁতৰ কোনো ক্ৰিয়াৰে সৈতে সম্বন্ধ নাই, তথাপি ককাই ইত্যাদি বোলাত কোনো এজন মানুহক মাতা বুজাইছে । २ । তলৰ বাক্য কেইটালৈ চোৱা । ( ক) মইনা ! তুমি স্কুললৈ নোযোৱা নে ? ( খ ) ' হেৰৌ গৰু! তই নাহ নে ? ( গ ) হেৰা হৰি ! এইফালে আহাচোন । এইদৰে যি পদেৰে কাকো সম্বোধন কৰা৷ যায় অর্থাৎ মাতা যায়, তাক সাধন পদ বোলে । প্রশ্ন । তলত দিয়া বাক্যবোৰৰপৰা সম্বোধন পদবোৰ বাছা : ১। কলৈ যোৱা, বুঢ়া আপ ? ২। দেউতা, মোক নামাৰিব । ৩। ৰক্ষা কৰা, হে হৰি !