সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অব্যয় । 29 পৰে । ‘কাম’ক বেলেগ ভাৱে লিখিব পাৰি কামবোৰ কামলৈ, কামৰ পৰা ; ইত্যাদি । সেই হিচাবে যদি আমি ‘আৰু’, ‘কিন্তু’, 'যদি', 'ছিঃ,’ আদিক বহল চুট কৰিব খোজে। তেন্তে কেতিয়াও নোৱাৰোঁ । এনেবোৰ শব্দক কোনো অৱস্থাতে ডাঙৰ সৰু কৰিব নোৱাৰাৰ বাবে আমাৰ পণ্ডিতসকলে ইহঁতৰ নাম অব্যয় দিছে । ৩৷ অবায়বোৰ নানা অৰ্থত ব্যৱহাৰ হয় । কিছু- মানে কোনো বাক্য বা শব্দক লগলগাই দিয়ে ; সেই দেখি সিহঁতক যোজক অব্যয় বোলে । আৰু, অথচ যেনে, কাৰণ ইত্যাদিবোৰ যোজক অব্যয় । আন কিছুমানে শব্দ বা বাক্যক বেলেগাই দিয়ে যেনে— কিন্তু, নতুবা, তথাপি, তেও । এইবোৰ বিযোজক অব্যয়। ইয়াৰ উপৰিও কিছুমানে কোনো মনৰ ভাব প্ৰকাশ কৰাত সহায় কৰে, যেনে— ছিঃ, হায়, অহ ইত্যাদি । কিছুমান প্রশ্নসোধাত ব্যৱহাৰ হয়, যেনে কি, কিয়, নে, না, নো ইত্যাদি। আৰু কিছুমান যি কোনো শব্দৰ লগত ব্যৱহাৰ হৈ তাক বিশেষ অর্থ দিয়ে, যেনে সৈতে, ৰাজে, পতি, অবধি, পর্য্যন্ত, বিনা ইত্যাদি । ৪৷ এইবোৰ অব্যয়তকৈ অলপ বেলেগ ধৰণৰ আৰু কুৰিটা অব্যয় আছে । ইহঁত ক্ৰিয়াৰ আগত ব্যৱহাৰ