এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
সর্বনাম । (৩) আব্দলে বাকচত কাপোৰ বিচাৰিলে; তাত বোলে নাই ৷ (৪) 'পৃথিবী সূৰ্য্যৰ চাৰিওফালে ঘূৰে বুলি কলোঁ, তাকে শুনি হারিয়ে হাঁহিলে ।। এতিয়া কোৱাচোন, যদি আমি ধনীৰ সলনি 'তাক আৰু ‘সি’ ব্যৱহাৰ নকৰোঁ, এটা বজাৰ সলনি ‘তেতিয়া’ ব্যৱহাৰ নকৰোঁ, বাকচৰ সলনি “তাত’ নক আৰু 'পৃথিবী সূৰ্য্যৰ চাৰিওফালে ঘূৰে'ৰ সলনি ‘তাক' শব্দ ব্যৱহাৰ কৰোঁ, তেনেহলে কথাবোৰ শুনিবলৈ কেনে কঠরা হয় ? ওপৰত দিয়া উদাহৰণ কেইটাকেই অলপ গমি চালে আমি বুজিব পাৰোঁ— সবনাম শব্দ মানুহৰ সলনি, সময়ৰ সলনি, ঠাইৰ সলনি আৰু বাক্যৰ সলনি ব্যৱহাৰ হয় । ৩। ইয়াৰ উপৰিও কিছুমান সৰ্ব্বনাম শব্দ বিশেষ্যৰ আগত ব্যৱহাৰ হয় ; সেইবোৰক বিশেষণ সববনাম পদ বোলে । যেনে :- (ক) কোন মানুহ আহিছিল । (খ) সেই কথা কোৱাত মোৰ খং উঠিল ৷ (গ) এইবোৰ কথা নকবা ।