সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ম পাঠ সর্বনাম । ১। আমি ‘ৰামে ৰামৰ ভনীয়েকক মৰম কৰে’ এইদৰে নকৈ ৰামে তেওঁৰ ভনীয়েকক মৰম কৰে এইদৰে কওঁ ৷ ধনী আহিল কিন্তু ধনীয়ে কামটো নকৰিলে নকৈ আমি কওঁ— ধনী আহিল কিন্তু সি কামটো নকৰিলে ।’ এইদৰে বিশেষ্য শব্দ বেলিয়ে পতি ব্যৱহাৰ কৰিলে বেয়া শুনি দেখি আমি তাৰ সলনি আন শব্দ বহুৱাই কথা হুৱলা কৰোঁ । এই নিচিনা বিশেষ্যৰ সলনি ব্যৱহাৰ কৰা শব্দক সবনাম বোলে । ২। তলৰ কথাখিনি পঢ়িলে সৰ্ব্বন আৱশ্যক আৰু বুজিবা :-- (১) ধনী এই পিনে গল, তাক মাতিলোঁ সি মাতকে নিদিলে । (২) ম‍ই এট| বজাত আহিছিলোঁ, সি তেতিয়া নাই ৷