এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২য় পাঠ— আখৰ । ১। শব্দৰ কথা আমি আগত উল্লেখ কৰি আহিছোঁ । এই শব্দৰ নিচেই সৰু সৰু ভাগবেদেই তখৰ বৰ্ণ যেনে— ‘হৰি” এই এটা শব্দ ; ইয়াৰ ‘হ’ আৰু ৰি এই দুটা ভাগ । ‘হ’ আৰু ‘ৰি’ক আকৌ ভাগ কৰিব পাৰি; যেনে— হ্, অ, ব্, ই। কিন্তু ইয়াৰ পাচত ইহঁতক আৰু ভগাব নোৱাৰি, গতিকে ‘হৰি ’ শব্দৰ এই কেইটাই নিচেই সৰু সৰু ভাগ। এতেকে হ অ, ব্, ই, ইহঁত গাইপতি একোটা আথক। ২। আমাৰ অসমীয়া ভাষাত ৪৭ টা মাখৰ আছে আৰু ইহঁত দুভাগ— স্বৰ আৰু ব্যঞ্জন । 2 ৩৷ ‘অ-ফলা’ আখৰবোৰ * আপোনা-আপুনি উচ্চাৰণ হয় ৷ ইহঁতক স্বৰবৰ্ণ ৰোলে । 81 ‘ক-ফলা’ৰ + আখৰবোৰ স্বৰৰ সহায় নহলে মাতিব নোৱাৰি । ইহঁতক ব্যঞ্জন বর্ণ বোলে ।
- ৯, : অসমীয়াত ব্যৱহাৰ নাই ।
+ 'স্ক' মুক্তাক্ষৰ হে, ই ক-কলাৰ ভিতৰত নপৰে ।