সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ-ৰচনা (১ম ভাগ).pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫
ব্যাকৰণ আৰু ৰচনা

 ক্ৰিয়া প্ৰকাৰ, সকৰ্ম্মকনে অকৰ্মক, কৃদন্ত, সমাপিকানে অসমাপিকা বা নিজন্ত, বাচ্য, কাল, পুৰুষ, কৰ্তা বা কৰ্ম্মৰ লগত সম্বন্ধ।

 অব্য়য়--কি অৰ্থত বাৱহাৰ হৈছে।

  ২। তলত পদান্বয়ৰ দুটা উদাহৰণ দিয়া হল :—

 (ক) আৰঙ্গচা - স্কটলণ্ড পালেগৈ।

 এই বাক্যৰ “আৰঙ্গচা” পদটোৰ পদান্বয় কৰিব লাগে। আৰঙ্গচা - বিশেষ সংজ্ঞাবোধক বিশেষ্য, পুংলিঙ্গ, তৃতীয় পুৰুষ, একবচন, কৰ্তাকাৰক। “পালেগৈ” ক্ৰিয়াপদৰ কৰ্তা।

 (খ) আনন্দই স্বাস্থ্য মাতি আনে।

 আনন্দই - গুণবোধক বিশেষ্য, ক্লীৱলিঙ্গ, তৃতীয় পুৰুষ, এক-বচন, ১মা বিভক্তি, কৰ্তাকাৰক। ‘‘মাতি আনে” ক্ৰিয়াৰ কৰ্তা।

 স্বাস্থ্য - সাধাৰণ সংজ্ঞাবোধক বিশেষ্য, ক্লীবলিঙ্গ, তৃতীয়-পুৰুষ, ২য়া বিভক্তি, একবচন, কৰ্ম্মকাৰক। "মাতি আনে" ক্ৰিয়াৰ কৰ্ম্ম।

 মাতি আনে - সকৰ্ম্মক সমাপিকা ক্ৰিয়া, নিত্যবৰ্ত্তমান, কাল, একবচন, তৃতীয় পুৰুষ কৰ্ত্তৃবাচ্য[] ইয়াৰ কৰ্ত্ত "আনন্দই" আৰু কৰ্ম্ম "স্বাস্থ্য"।


  1. বাচ্যৰ কথা এই ভাগ ব্যাকৰণ ৰচনাত দিয়া নাই।