সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ-ৰচনা (১ম ভাগ).pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩
ব্যাকৰণ আৰু ৰচনা


“লৰা কাল বুলি   সদায় উমলি
নিনিয়াবা তুমি কাল;
পঢ়া-শুনা হলে   ৰদ মাৰ গলে
অলপ ওমলা ভাল।
পুৱা বা গধূলি   কৰিবা ধেমালি
বল যাতে পোৱা গাত;
তাছ পাশ৷ কড়ি   যদি থাকা ধৰি
এলাহ বাঢ়িব তাত।”


সাৰাংশ--

 লৰাবিলাকে সদায় ধেমালি কৰি থকা উচিত নহয়: পঢ়া-শুনা কৰাৰ পাচত অলপ ধেমালি কৰা বেয়া নহয়! তাছ, পাশ৷ আদি খেলত মানুহৰ এলাই বাঢ়ে; সেই কাৰণে লৰাবিলাকে খেল নেখেলি ৰাতিপুৱা বা আবেলি গাত ভাগৰ লগা ধেমালি কৰিব লাগে।
 ৩। “ভীষ্ম এজন প্ৰখাত বীৰ আছিল; দুৰ্যোধনৰ আদেশমতে তেওঁ কৌৰৱৰ ফালে সেনাপতি হৈ দহ দিন ৰণ কৰিছিল। যুদ্ধ কৰা কেইদিন তেওঁ প্ৰতি দিনে দহ হাজাৰকৈ পাণ্ডৱ-সৈন্য মাৰিছিল। তাকে দেখি পাণ্ডৱসকলে যুদ্ধ জয়ৰ আশা এৰিব লগাত পৰিছিল।”
 সাৰাংশ-

 ভীষ্ম বৰ ডাঙৰ বীৰ আছিল। তেওঁ কুৰু-পাণ্ডৱৰ যুজৰ সময়ত দুৰ্যোধনৰ সেনাপতি হৈ যুজ কৰিছিল আৰু প্ৰতি