সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ-ৰচনা (১ম ভাগ).pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০
ব্যাকৰণ আৰু ৰচনা

 খা, যা, নি, থ, দি আদি কথাই কোনো একোটা কাৰ্য্য কৰা বুজায়, সেই কাৰণে এনে আখৰ বা আখৰৰ সমষ্টিক ধাতু বোলে।

 ৰঙা, কলা, নীলা, মাটি, পানী, তৰা আদি শব্দই বস্তুৰ গুণ বা নাম বুজায়; এনে গুণ বা নাম বুজোৱা আখৰ বা আখৰৰ সমষ্টিক প্রাতিপদিক বোলে।

 শব্দৰ ব্যৱহাৰ--(ক) অব্যয় শব্দবোৰৰ আকাৰ নবঢ়া- নুটুটাৰ কথা আগতে কৈ অহা হৈছে; এই শব্দ বাক্যত নিজ ৰূপতেই ব্যৱহাৰ হয়।

 (খ) ধাতুবোৰ নিজ ৰূপত বাৱহাৰ নহয়: যেনে ‘খা’ ধাতু বাক্যত বাৱহাৰ কৰিবলৈ হলে ( মই ) খাওঁ, (সি) খাইছিল, ( তহঁতে ) খাঁ, এনে হব।


 (গ) প্রাতিপদিকো বাকাত বাৱহাৰ হলে ৰূপ লৰে; যেনে--মাটিৰে পুতলা সাজে। গছ মাটিত জন্মে।


 (৩) ধাতুৰ পাচত যিবিলাক প্রত্যয় যোগ হৈ তাৰ কাল আৰু পুৰুষ ঠিক কৰে তাক ক্ৰিয়া-বিভক্তি বোলে; “খা” ধাতু “ইছিলোঁ”=খাইছিলোঁ “বহ্” ধাতু “ইম” বহিম।
* বেলেগ বেলেগ অর্থত প্রকৃতিৰ লগত কিছুমান নিৰৰ্থক আখৰ বা আখৰৰ সমষ্টি যোগ হয়, সিহঁতক প্ৰত্যয় বোলে।