খা, যা, নি, থ, দি আদি কথাই কোনো একোটা
কাৰ্য্য কৰা বুজায়, সেই কাৰণে এনে আখৰ বা আখৰৰ
সমষ্টিক ধাতু বোলে।
ৰঙা, কলা, নীলা, মাটি, পানী, তৰা আদি শব্দই বস্তুৰ
গুণ বা নাম বুজায়; এনে গুণ বা নাম বুজোৱা আখৰ বা
আখৰৰ সমষ্টিক প্রাতিপদিক বোলে।
শব্দৰ ব্যৱহাৰ--(ক) অব্যয় শব্দবোৰৰ আকাৰ নবঢ়া-
নুটুটাৰ কথা আগতে কৈ অহা হৈছে; এই শব্দ বাক্যত
নিজ ৰূপতেই ব্যৱহাৰ হয়।
(খ) ধাতুবোৰ নিজ ৰূপত বাৱহাৰ নহয়: যেনে ‘খা’
ধাতু বাক্যত বাৱহাৰ কৰিবলৈ হলে ( মই ) খাওঁ, (সি)
খাইছিল, ( তহঁতে ) খাঁ, এনে হব।
(গ) প্রাতিপদিকো বাকাত বাৱহাৰ হলে ৰূপ লৰে;
যেনে--মাটিৰে পুতলা সাজে। গছ মাটিত জন্মে।
(৩) ধাতুৰ পাচত যিবিলাক প্রত্যয় যোগ হৈ তাৰ
কাল আৰু পুৰুষ ঠিক কৰে তাক ক্ৰিয়া-বিভক্তি বোলে;
“খা” ধাতু “ইছিলোঁ”=খাইছিলোঁ “বহ্” ধাতু “ইম”
বহিম।
* বেলেগ বেলেগ অর্থত প্রকৃতিৰ লগত কিছুমান নিৰৰ্থক আখৰ বা আখৰৰ সমষ্টি যোগ হয়, সিহঁতক প্ৰত্যয় বোলে।