(৪) খঙত বলিয়া হোৱা গুৱাহাটিৰ ভাই হৰিয়ে মাৰিলে।
(সমকাৰক পদেৰে )
বিধেয়ৰ সম্প্ৰসাৰক--
(১) হৰিয়ে বৰকৈ মাৰিলে। (ক্ৰিয়া বিশেষণেৰে )
(২) হৰিয়ে লৰি গৈ মাৰিলে। (অসমাপিকা ক্ৰিয়াৰে)
(৩) হৰিয়ে টোকোনেৰে মাৰিলে। (৩য়া বিভক্তিযুক্ত পদেৰে )
(৪) হৰিয়ে ৰামক মাৰিলে। ( সকৰ্ম্মক ক্ৰিয়াৰ কৰ্ম্মেৰে )
ইত্যাদি।
প্ৰাশ্নঃ- ৰহিমে খাইছে |
১। এই বাক্যটোৰ উদ্যেশ্যত সম্প্ৰসাৰক যোগ কৰি যিমান পাৰা বাক্যটো বহলোৱাঁ।
২। এই বাকাটোৰ বিধেয়ত ক্ৰিয়া বিশেষণ, অসমাপিকা
ক্ৰিয়া, ৪ৰ্থী বিভক্তিযুন্তপদ আৰু কৰ্ম্ম পদ সম্প্ৰসাৰক যোগ কৰি একোটা বাক্য লিখাঁ।
৩। “নৰেণে কাটিছে।” এই বাকাটোৰ উদ্যোশ্য আৰু বিধেয়ত সম্প্ৰসাৰক যোগ কৰি যিমান পাৰা বাক্যটো দীঘল কৰি নি থাকাঁ।
প্ৰধান-অপ্ৰধান পদ--বাক্যৰ উদ্দেশ্য আৰু বিধেয়ই প্ৰধান
পদ; এই দুটা নাথাকিলে বাক্য হবই নোৱাৰে | উদ্দেশ্য
আৰু বিধেয়ৰ সম্প্ৰসাৰকবোৰ অপ্ৰধান, কিয়নো এইবোৰ নাথাকিলেও বাক্য হব পাৰে।