সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ-ৰচনা (১ম ভাগ).pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
ব্যাকৰণ আৰু ৰচনা

অৰ্থ প্ৰকাশ কৰিব নোৱাৰাত আন পদ যোগ হৈ অৰ্থ পূৰ্ণ কৰে; তেনে যোগ হোৱা পদক বিধেয় পূৰক বোলে; যেনে – হৰিয়ে মাছ মাৰিছে; জানাল দুষ্ট ছাত্ৰ; ধনী বিদ্বান।



১২শ পাঠ।
পদবিন্যাস।

 ১। সকলো বাক্যত কৰ্ত্তা আৰু ক্ৰিয়া পদ থাকে : কৰ্ত্তা সচৰাচৰ বাক্যৰ আদিত আৰু ক্ৰিয়া বাক্যৰ শেষত থাকে। যেনে - ( ১ ) মই যাওঁ। ( ২ ) সিন্ধুনাথে বাঁহ কাটিছে।

 বাকাৰ ক্ৰিয়াটো সকৰ্মক হলে কৰ্ম্মটো কৰ্ত্তা-ক্ৰিয়াৰ প্ৰায় মাজত বহে। ওপৰৰ দ্বিতীয় বাক্যত থকা ক্ৰিয়াটো সকৰ্ম্মক। ইয়াৰ কৰ্ম্ম বাঁহ, কৰ্ত্তা আৰু ক্ৰিয়াৰ মাজত বহিছে।

চাবলগা – বাক্যৰ কৰ্ম্ম, কৰ্ত্তা আৰু ক্ৰিয়াৰ মাজত বহে।

 ২। কৰ্ত্তা, ক্ৰিয়া, কৰ্ম্ম আদিৰ বিশেষণবোৰ সেই সেই পদৰ প্ৰায় আগে আগে বহে; যেনে—

 (১) চিকাৰী মানুহজন আহিছে।
 (২) চিকাৰী মানুহজনে ডাঙৰ বাঘটো মাৰিলে।
 (৩) চিকাৰী মানুহজনে ডাঙৰ বাঘটো বেগেতে মাৰিলে।