চাবলগা — কৃদন্ত পদ আৰু বাক্যাংশও কোনো কোনো বাক্যৰ উদ্দেশ্য হয়।
প্ৰশ্ন—বাক্যাংশ উদ্দেশ্য কৰি দুটা বাক্য ৰচনা কৰা।
৩। লুপ্ত থকা উদ্দেশ্য—
কোনো কোনো বাক্যত উদ্দেশ্য লুকাই থাকে; যেনে— আহিলা নে?
এই বাক্যৰ উদ্দেশ্য “তুমি” লুকাই আছে। সেইদৰে কলৈ যাবি? আম পাবিলে জানো? ইত্যাদি।
প্ৰশ্ন— উদ্দেশ্য লুকাই থকা, দেখাত কেৱল বিধেয় থকা দুটা বাক্য লিখ।
চাবলগা — কৰ্ত্তাৰ বিশেষণ আদিক উদ্দেশ্যৰ গুণবাচক বোলা হয়।
৪। সমাপিকা ক্ৰিয়াই প্ৰকৃত বিধেয় কিন্তু কোনো কোনো স্থলত তাক উহ্য ৰাখিও বাক্য ৰচনা কৰা হয়। যেনে— হৰি দুষ্ট।
এই বাক্যত “হয়” ক্ৰিয়া উহা আছে কিন্তু “দুষ্ট” এই বিশেষণেৰে বিধেয়ৰ অংশ প্ৰকাশ কৰা হৈছে।
সেইদৰে :- মানুহজন চৰিত্ৰবান। কানটো টান। অংশ
চাবলগা — ক্ৰিয়া উহা বাখি বিশেষণেৰে বিধেয় প্ৰকাশ কৰা হয়। এনে বিশেষণক বিধেয় বিশেষণ বোলে।
৫। কোনো কোনো সময়ত ক্ৰিয়াই বিধেয়ৰ প্ৰকৃত