সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ-ৰচনা (১ম ভাগ).pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২
ব্যাকৰণ আৰু ৰচনা

 এই কোঠালীটো ... ... ... বৰ দীঘল।
 হৰিয়ে ... ... ... চৰাইক চাউল খাবলৈ দিলে।
 সূৰ্য্য ... ... ... শূন্যতে আছে।
 চন্দ্ৰ ... ... ... পৃথিবীৰ উপগ্ৰহ

প্ৰশ্ন – (ক) তলত দিয়া বাক্যবোৰ উদ্দেশ্য শাক বিধেয়ত ভাগ কৰাঁ:—

 (১) তোমাৰ পেনচিলডাল বৰ জোঙা।
 (২) গোপালে গাইজনী বান্ধিছিল।
 (৩) আমবোৰ পাৰি আনাঁ।
 (৪) পাৰবোৰ বাহত সোমাল।
 (৫) বগলীয়ে সৰু সৰু মাছ ধৰি খায়।

চাবলগা - (১) বিশেষ্য আৰু সৰ্ব্বনামেই সাধাৰণতঃ বাক্যৰ উদ্দেশ্য হয়। বিধেয়ৰ প্ৰধান পদ ক্ৰিয়া।

২ আন প্ৰকাৰৰ উদ্দেশ্য কোনো কোনো স্থলত বিশেষ্যৰ দৰে ব্যৱহাৰ হোৱা আন কোনো পদ বা পদ সমূহো উদ্দেশ্যৰূপে ব্যৱহাৰ কৰা হয়। যেনে- তোমাৰ কেতিয়া যোৱা হব?

 এই বাক্যৰ “যোৱা ”টো উদ্দেশ্য কিন্তু সি কৃদন্ত পদ।
 প্ৰশ্ন –কৃদন্ত পদ উদ্দেশ্য কৰি দুটা বাক্য লিখাঁ।

 (২) শত্ৰুক ক্ষমা কৰা উত্তম নীতি। এই বাক্যৰ উদ্দেশ্য “শত্ৰুক ক্ষমা কৰা”, ই এটা বাক্যাংশ।