সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ-ৰচনা (১ম ভাগ).pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পাতনি ৷

 ৪ৰ্থ মান শ্ৰেণীৰ বাবে ব্যাকৰণ নির্দিষ্ট আছে; কিন্তু ব্যাকৰণৰ কথাবোৰ ব্যৱহাৰত খটাবলৈ বিশেষ চেষ্টা নকৰাৰ ফলত অধিক ভাগ ছাত্ৰৰ ব্যাকৰণত খুত ৰৈ যায়। সেই কাৰণে ৰচনাৰ ভিতৰেদি ব্যাকৰণৰ দোষ গুচাবৰ অর্থে আমি “ব্যাকৰণ-ৰচন৷” নাম দি এই ৰচনাৰপুথি সঙ্কলন কৰিলোঁ।

 “উদাহৰণ দি শিক্ষা দিয়া আৰু অভ্যাস কৰোৱা” প্রণালী অৱলম্বন কৰি এই পুথি লিখা হৈছে। এই ভাগ “ব্যাকৰণ-ৰচনাত” বিশেষ ভাৱে তৃতীয় মান শ্রেণীত মুখে মুখে শিকা ব্যাকৰণৰ কথাখিনিকে ৰচনাৰ দ্বাৰা পৰিচয় কৰাবলৈ যত্ন কৰিছোঁ আৰু ব্যাকৰণৰ লগে লগে মৌখিক আৰু লিখিত ভাৱে ৰচনা শিক্ষা দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ বিশ্বাস এইদৰে শিকিলে লৰাই পদবোৰৰ সাধাৰণ সুত্ৰ জনাৰ আগতেই ‘সেইবোৰ বুজি ব্যৱহাৰ কৰিবলৈ শিকিব।

 বাক্যৰ সাধাৰণ জ্ঞান, পদৰ ব্যৱহাৰ, বস্তু আৰু চিত্র চাই চুটি চুটি বাক্যেৰে গল্প বচনা কৰা আৰু পত্র লিখা নিয়ম আদিও এই ভাগ কিতাপত অলপ অলপ দিয়| হৈছে। এইমতে ৰচনা শিক্ষা কৰিলে লৰাৰ চিন্তা শক্তি বুদ্ধিৰ লগে লগে শুদ্ধ বাক্যেৰে লৰাই ভাব প্রকাশ কৰিবলৈ সমর্থ হব বুলি আমি ভাবো। লিখক— -