এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
ব্যাকৰণ আৰু ৰচনা।
৮ম পাঠ।
কৰ্ম্ম।
তলৰ বাক্যবোৰত থকা যিবোৰ শব্দৰ ওপৰত ক্ৰিয়া কৰা হৈছে, সেই শব্দবোৰ বাছি উলিওৱা।
১। ৰামে মধুক মাতিলে
২। ৰহিমে গছ কাটিছিল।
৩। মই মাছ ধৰিলো।
৪। ৰতনে ধনীক আদৰ কৰিব।
৫। তেওঁলোকে পানী খালে।
৬। ইহঁতে কাকত লিখিলেহেঁতেন।
৭। তাই চিঁয়াহি কিনিছে।
৮। সি আম বেচিছে।
৯। ধৰনে প্ৰসাদ বিলালে।
১০। মিস্ত্ৰিয়ে ঘৰ সাজিছিল।
সূত্ৰ–যাৰ ওপৰত ক্ৰিয়া কৰা হয় তাক কৰ্ম্ম বোলে।
শিক্ষাদানৰ সঙ্কেত—
( ১ ) শিক্ষকে লৰাক পোনতে কৰ্ত্তা আৰু ক্ৰিয়া বাছিবলৈ দিব।
(২) কৰ্ত্তাই যি কৰে, যি দেখে ইত্যাদিক কৰ্ম্ম বোলে, বুলিও শিকাব পাৰি।