সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ-ৰচনা (১ম ভাগ).pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
ব্যাকৰণ আৰু ৰচনা।

 ১৩। আকাশত চন্দ্ৰ উঠিছে।
 ১৪৷ ৰজাই নতুনকৈ মন্ত্ৰী পাতিছিল।
 ১৫। নোক গালি পাৰিলে তাক মাৰিলোঁহেঁতেন।
 ১৬। সৌটো বহুৰূপী আহিছে।

২য় প্ৰশ্ন।

 ১। তেওঁৰ কলমটো মেজতে আছে
 ২। আমি কথা পাতি আছিলোঁ।
 ৩। জুৰ বতাহ বৈছে।
 ৪। আকাশখন নীলা।
 ৫। গছৰ ডালত চৰায়ে গান গাইছে।
 ৬। মোৰ কামটো হাততে আছে।
 ৭। অনিৰাম এজন ভাল লৰা।
 ৮। দুৱাৰখন জাপ গল
 ৯। মণিৰামৰ ঘৰ ভাগি পৰিল।
 ১০। শ্ৰেণীৰ সকলোবোৰ ছাত্ৰ ইয়াতেই আছে।
 (ক) ' ওপৰৰ বাক্যবোৰৰ কৰ্ত্তাবোৰ বাছি উলিওৱাঁ।
 (খ) বাক্যবোৰৰ ক্ৰিয়াবোৰ বাছাঁ।
 [ শিক্ষকে লুপ্ত ক্ৰিয়া কেইটা দেখুৱাই দিব। ]

৩য় প্ৰশ্ন।

 পাঠ্য সাহিত্যৰ এটা পাঠৰ কৰ্ত্তাবোৰ বাছি উলিওৱাঁ।