সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ-ৰচনা (১ম ভাগ).pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
ব্যাকৰণ আৰু ৰচনা।

চাবলগা –এই শ্ৰেণীত সাহিত্যৰ পাঠৰ ক্ৰিয়াবোৰ চিনি পালেই যথেষ্ট; ইয়াত ক্ৰিয়াৰ প্ৰকাৰ শিকাব নালাগে।

১ম প্ৰশ্ন।

তলৰ বাক্যবোৰত থকা ক্ৰিয়াবোৰ বাছি উলিওৱাঁ—

 ১। বাবুলে কিতাপ পঢ়ে।
 ২। আমি বল খেলিছিলোঁ।
 ৩। ৰামে বিছনা পাৰিলে।
 ৪। মই ঘৰ সাজিছোঁ।
 ৫। ছাত্ৰবিলাকে মকৰাজাল গুচাইছে।
 ৬। আয়ে বস্তুবোৰ সজাই থৈছে।
 ৭। সি ভাত খাওঁতে মই গৈছিলোঁ।
 ৮। কিতাপবোৰ পৰিপাটিকৈ থোৱাঁ।
 ৯। তেওঁ ডাঙৰ হল।
 ১০। ধনে হাল বাইছে।
 ১১। তেওঁলোকে কোৰ মাৰিছে।
 ১২। পূৰ্ণ ই পেনচিল কাটিছে।
 ১৩। ম‍ই পঢ়ি উঠি খেলিবলৈ যাম।
 ১৪। সি কল ৰুইছে।
 ১৫। বাইদেৱে কাপোৰ ধুইছে।