সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ-ৰচনা (১ম ভাগ).pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ব্যাকৰণ আৰু ৰচনা

 ১। লৰাহঁত খেলিবলৈ গৈছে।
 ২। গছজোপা ভাগি পৰিল।
 ৩। গুৰুসকল উপস্থিত হৈছিল।
 8। গৰুমখা দলনিত নামিছে।
 ৫। তোমালোকে দেৱতাসকলক আহ্বান কৰাঁ।
 ৬। তেওঁলোকৰ কথাবোৰ শুনিছোঁ।
 ৭। তৰাবোৰ জিলিকি উঠিল।
 ৮। সিহঁতে কিতাপবিলাক কিনিছে।
 ৯। চৰাইজাক উৰা মাৰিছে
 ১০। ইয়াক বহিবলৈ দিয়া।

সূত্ৰ— এটাক বুজালে একবচন, আৰু এটাতকৈ অধিকক বুজালে বহুবচন বোলে।

১ম প্ৰশ্ন।

 তলৰ বাক্যবোৰত থকা একবচন আক বহুবচনৰ বিশেষ্যবোৰ বাছি উলিওৱাঁ :—

 ১। মই বাঁহবোৰ কাটিলো।
 ২। হৰিয়ে নাওবোৰ চপালে।
 ৩। লৰাবিলাকে ধূলিবোৰ উৰাইছে।
 ৪। চৰাইবোৰে চিঞৰিব ধৰিছে।
 ৫। খেৰবোৰ তিতিল।
 ৬। মোৰ কিতাপবোৰ কিনা হল।
 ৭। মণিয়ে কাকতবোৰ ফালি পেলালে।