সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ-ৰচনা (১ম ভাগ).pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ব্যাকৰণ আৰু ৰচনা

 (8) গুণবোধক আৰু ক্ৰিয়াবোধক বিশেষাপদ এই সময়ত শিকাৰ নালাগে ।

১ম প্ৰশ্ন।

 তলৰ বাক্যবোৰত থকা সংজ্ঞাবোধক বিশেষ্য পদবোৰ বাছি উলিওৱাঁ।

 ১। বেণুৱে চিলা উৰাইছিল।
 ২। মাধৱে গৰু চাৰিছে ।
 ৩। মই পানী খাম।
 8। মাছ পানীত থাকে ।
 ৫। কীৰ্ত্তনঘৰত ভকত বহিল।
 ৬। মই মাগুৰ মাছ ধৰিলোঁ।
 ৭। চাঙত ডুলি থৈছিল।
 ৮। ভৰালত ধান আছে।
 ৯। গৰুৱে ঘাঁহ খাইছে।
 ১০। পুখুৰীপাৰত এজোপা আঁহত আছে ।


২য় প্ৰশ্ন।

 ১। মানুহৰ নাম থকা চাৰিটা বাক্যলিখা ।
 ২। গাৱঁৰ নাম থকা চাৰিটা বাক্যলিখাঁ ।