সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৩ ব্যথাৰ স্মৰ

কুঠাৰঘাত কৰিছে৷ ৷ সেই আঘাত সহা কৰিব নোৱাৰি আজ তেওঁ জীৱন যৌৱন সমস্ত এীৰ থৈ এই পৃথিবীখন ত্যাগ কৰিব ওলাইছে। হয়তো এনে এটি প্রাণৰ অকাল নিধনৰ কাবণ ময়ে হম। আক সহা নহ'ল। অনুতাপৰ তীব্র দংশনে মোক অস্থিৰ কৰি তুলিলে; প্রা গলে মোৰ নো আৰু থাকিবৰ সকাম Tee এইবোৰ ভাবত মই বলীয়া যেন হলে ৷ দশ্বলখন ভাল নলগা হ’ল। ইয়াত যেন শীত নোহোৱা হৈছে। চাৰিওফালৰ বতাহবোৰ যেন বৰ গৰম। মানুহ যেন ইয়াত আৰু বাস কৰিব নোৱাৰে, এনে লাগিল। মই আৰু পলম নকৰি মোৰ যৌৱনৰ তীৰ্থলৈ যাত্রা কৰিলে"|--হয়তো আত্মাহুতি দিবলৈ |

দূৰৈৰ পৰাই মোৰ পঁজাটি দেখি চকুছুটা ফাটি কান্দন ওলাব খুজিলে। নৰেন ষ্টেচনলৈ গৈছিল | প্রভাব অবস্থা বেয়া। জ্বৰ কমিলেও হাদ্যন্ত্রর অৱস্থা লৈয়ে আশঙ্কা। কেতিয়াবা আকৌ ভাল যেন দেখা যায়। পোনে পোনে তালৈয়ে খোজা ললে।। ঘৰৰ ওচৰ পোৱাত মনৰ কথা কব পৰা শক্তি লোপ পোৱা যেন লাগিপ। এক ভীষণ লাঞ্জেও মোক আগগুৰি ধৰিলে। কেনেকৈনো মই তেওঁলোকৰ আগত মুখ দেখুৱাম ? অস্বাভাৱিক ভাবে আঁতৰি যোৱাৰ কাৰণেই বা কি দিম? কিছু দূৰৈৰ পৰা দেখিলো| আন কেইজন মানৰ লগত মোৰ বাবেই যেন প্রভাৰ দেউতাক পদুলিত ৰৈ আছে। মোক দেখিয়ে তেখেতে মাত লগালে, “বোপা আহিছা ?”

ee Mee: