সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাব Wy bo

গতি মিলাই চালো | একো বুজিব নোৱাৰিলো ৷ মনত বেজাৰ লাগিল। ভাবিলো, মুহূৰ্ত্তৰ উত্তেজনাত কি কৰি পেলালে৷ | ভয় হ’ল, জানোবা আজিৰ পৰা তেওঁক একেবাৰেই হেকৰালো। একোবাৰ ভাবো, কিনো হৈছে তাতে ? কিমান দিনবপৰা কিমান উপায়ে মই মোৰ অন্তৰৰ ভার তেওঁক জনাইছো | তেওঁ সেইকথা! নিশ্চয় নঙ্গনাকৈ নাই। যি কথা ভাৱেৰে প্রকাশ কৰা হৈছে, সঙ্কেতৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰা হৈছে, আজি মাত্র তাক সহজ সবল ভাৱে ব্যক্তকব৷ হৈছে। মোৰ নীৰৱ সাধনাত তেওঁতো কোনোদিনেই বাধা দিয়া নাই । ভাল নাপালে নো কিয় মোৰ ওচৰলৈ অকলে অকলে আহিলেহেতেন ? কৃত্রিম বাধা দানেই প্ৰেমৰ প্রথম লক্ষণ । থাণীকবই লাগিব বাধা, নহলে মাধুৰ্য্য নাথাকে । এনেকৈ ভাবয়ে আকৌ মনত তৃপ্তি পাওঁ। কিন্তু বিপৰীত যুক্তিবোৰ মনলৈ আহে। তেও মোক আগবদৰে সম্পূর্ণ বিশ্বাস কৰিয়ে আহিছিল। বেয়া নাপালে কেতিয়াও এনেকৈ নমতা নোবোলাকৈ হঠাৎ গুচি নগলহেঁতেন তেওঁ মোৰ প্রতি কিছু আকৃষ্ট হব পাবে, কিন্তু সিয়েতো আসক্তি নহবও পাবে। সেইখিনিৰ সুবিধা লৈ ইনানদূৰ আগবঢ়| কোনোমতে মোৰ পক্ষে যুক্তি সঙ্গত হোৱা নাই। এইবোৰ ভাবি মনত আকৌ বৰ অশান্তি ভোগ কৰিলে| শীদনটো এনেকৈ অশান্তিৰ মাজতে গ’ল। ভাল কৰিলে| নে বেয়া কৰিলে৷ একোকে ঠিক কবিব নোৱাৰিলে| ৷ সিদিনা আৰু তেওঁলোকৰ ঘৰলৈ যোৱা নহ’ল।