সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ সুৰ । ৫৩ আমাৰ যেন মিলন ঘটে এয়ে মোৰ ঈশ্বৰৰ ওচৰত অস্তিম প্রার্থনা । আপোনাৰ ওচৰত মোৰ একান্ত অনুৰোধ এই যে, আপুনি যেন মোৰ কাৰণে চিন্তা নকৰি সংসাৰী হৈ আপো- নাব আদর্শ মতে দেশৰ সেৱা কৰে ৷ মোৰ সকলো দোষ যেন মার্জনা কৰে । প্রণাম লব । ইতি— আপোনাৰ মৰমৰ — “অৰু” । চিঠিখন পঢ়িয়ে তার শোকৰ বেগ দুগুণে বাঢ়ি উঠিল ৷ তাৰ মনটোৱে কোনোমতে ধৈর্য্য ধৰিব নোৱাৰা হ'ল ৷ সি সেই পিনে বহিপৰি উচপিবলৈ ধৰিলে । সিফালে বাতি- পুৱা ৭ বজাৰ গাড়ীখন ষ্টেচন পালেহি । গাড়ীৰ শব্দ তাব কাণত নপৰিল ৷ অন্তৰে, বাহিৰে, আকাশে, বতাহে — চাৰিও- ফালে সি শুনিবলৈ পালে মাত্র এটি সুব—-এটি ব্যথাৰ পুৰ ৷ NORMAL JORMAT