ব্যথা । “নাই একো ভৰা নাই, এনেয়ে কৈছো।” “নহয় করই লাগিব । * “শুনক তেতে। এনেকৈ দৰাটো সাজি এই অহা মারতে বিয়া কৰাব লাগিব । ইবাৰ আৰু কোনে৷ আপত্তি নুশুনো।” “তোমাৰ হুকুন পেলাব পাৰোঁ নে ! কৰাবই লাগিব।” এই বুলি সি তাইৰ কান্ধত নৌ হাতখন দি কিবা ৰহস্য পূৰ্ণ উত্তৰৰ আশা কৰি তাইৰ মুখৰফালে চাই ৰ'ল । “ধেমালি নহয়, সচাকৈয়ে এই মাহতে ছোৱালী ঠিক কৰিব লাগিব,” তাই ধীৰভাৱে কলে। “মোক বহি থকা বুলিয়ে ভাবিহা নে ? ছোৱালী কেতিয়া- বাই ঠিক হৈছে। ফটোখন চাবা নে বাৰু ?” এই বুলি কৈ সি আৰু উত্তৰলৈ বাট নাচাই হাত এখনত ধৰি তাইক ডাঙৰ আয়নাথনৰ সন্মুখলৈ টানি নিলে । এক হাতেৰে তাইৰ মুখখন অলপ দাঙি ধৰি আৰ্চ্চিখনৰ ফালে দেখুৱাই কলে, “আয়নাখনত যিজনীৰ মূৰ্ত্তি দেখিছ। সেই জনীয়ে মই ঠিক কৰা ছোৱালী। সেই জনীয়ে মোৰ ------------।” তাই লাজতে ৰঙা পৰি উঠিল । তাক কথাষাৰ শেষ কৰিব নিদি তাৰ হাতৰ পৰা নিজক একরাই নি, "আপুনি বৰ দুষ্ট" এই বুলি কৈ নিজৰ থোটালীত সোমাল গৈ । পবীন দুৱাৰ মুখলৈ গৈ তাইৰ ফালে চাই হাঁহি হাঁহি কলে, “ছোয়ালী তোমাৰ পচন্দ হোৱা নাই জানো?”
পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২৭
অৱয়ব