ব্যথাৰ RI ২২৩
তাইৰ মুখত উপলুঙা ভাৱৰ হীহি ফুটি Bal মোৰ ফালে চাই তাই কলে, “আপুনি আক সেইবোৰ মূল্যহীন কথ নতুলিব। কেতিয়াবা ইচ্ছা কৰিলে বন্ধু হিচাবে ইয়ালৈ আহিব পাবে ৷ মোব স্বামীৰ লগত মই বাৰু আপোনাক চিনাকি কৰি faa) ভাল, নমস্কাৰ তেনেহলে ৷”
মই আক সহ্য কৰিব নোরাবা weil) কটাঘাত যেন তাই লোণ ছিটাই দিলে। প্রেম! পৃথিবীৰ পৰা যেন প্ৰেমক চিবনিবর্বাসিত কৰি দিম। সৱিতাৰ পার্থিব জীৱনটোৰ কথা মনত পৰিল | তাইৰ কাৰণে মই কি কৰা নাছিলে ? আজিও মই তাইৰ কাৰণেই জুকলা ! তাৰ এয়ে প্রতিদান নে? এটি saat বাণীও তাইৰ পৰা পাবৰ নাই ! এই অৱজ্ঞা- পূর্ণ কঠোৰ শীতবস্কাবেই মোৰ প্ৰেমৰ প্রতিদান নে? অৱ- শেষত তাইৰ অন্তৰৰ পৰা কৃতজ্ঞতাও লোপ পালে! নাৰী কি বাশুরিকতেই পাষাণী ? এইবোৰ ভাণীব ভাবি মনটো কিবা হৈ val বিধাতাৰ এই মনুষ্যস্থষ্টিৰ প্রতিয়ে দ্বণা ওপজিল ৷ এনেতে মনত পাৰিল তাই মোক বিদায় দিছে। ইয়াততো৷ আৰু থাকিবৰ অধিকাৰ নাই। তাই তলমুৱাহৈ বহি আছে । মুখত গীবধাদ বা বেভাবৰ ভাব নাই। মই আৰু একো নকৈ তাৰ পবা ওলাই আহিলোঁ|, ৷ নাৰীৰ প্ৰেমৰ প্রণীত ক্ষোভ আৰু বিদ্বেষৰ ভাব জাগি উঠিল | ভাবৌ, ইহঁতৰ প্রেম এনেকুৱাই চঞ্চল আৰু মূল্যহীন ৷ পুৰুষৰ একনিষ্ঠ প্রেমেও ইহঁতৰ পাষাণ হৃদয়ত অলপো দাগ বহুৱাব নোৱাৰে নে?