সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ ব্যথাৰ সুৰ। নিচেই কম, এনেকি নাই বুলি কলেও চলে। পৰিবৰ্ত্তন- শীল জগতত মানুহৰ কাৰণে গঢ়ি তোলা এই সমাজিক নীতি নিয়মবোৰ কেনেকৈ যে অপৰিবর্তনীয় হব পাৰে সি বুজি নাপায়। নীতি নিয়ম মানুহৰ কাৰণেই, মানৱত্মাৰ পূৰ্ণ বিকাশৰ সুবিধাৰ কাৰণে, মানুহ নীতি নিয়মৰ কাৰণে নহয়। হিন্দু সভ্যতাৰ গৌৰৱময় যুগততো সমাজৰ এনেকুৱা কটকটীয়া বান্ধ নাছিল ৷ বৰ্ত্তমান সমাজ ব্যৱস্থাৰ প্ৰতি তাৰ বিতৃষ্ণাৰ ভাৱ জাগি উঠিল । অৰুণাক বিয়া কৰাই আপোন কৰি লবৰ সি মন কৰিলে, যদি তাইৰ আপত্তি নাথাকে ৷ সমাজে যদি আপত্তি কবে তেনে হলে এই পুৰণি জীৰ্ণ সমাজক সি কোনোমতে নামানে। ইয়াক ভাঙি ছিঙি নতুনকৈ গঢ়ি তোলাৰ আদৰ্শ সি নিজে দাঙি ধৰিব। বিয়ালৈ হিন্দু সমাজৰ ইমান বাধা নিষেধৰ আজি আৰু কোনো মূল্য আছে বুলি সি নাভাবে। অৰুণাক সি বিয়া কৰাবই। কিন্তু যেতিয়া সি ভাবে, তাই যদি মান্তি নহয়, তাৰ মন অবসন্ন হয়, সি চাৰিওফালে দেখে অন্ধকাৰ, সি আৰু ভাবি নোৱাৰা হয় ৷ অলপ পিছতে এটি দীঘল হুমুনিয়াহ কাঢ়ি সি নিজক নিজে কয়, তেতিয়া হলে তাইৰ ইচ্ছা অনুসৰি এটি ব্যৱস্থা কৰি দি ভগা বুকু লৈয়ে সি জীৱনৰ কৰ্ম্ম ক্ষেত্ৰত নামি পৰিব। সি আকৌ ভাৱে অৰুণাক নাপালে তাৰ হিয়া ভাগি যাব সঁচা, সেই বুলি তাইৰ স্বাধীন ইচ্ছাৰ মৰ্যাদ৷ সি