সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৪ ব্যথাৰ Bt

পুৰুষ থিয় দিলে । জানিব পাৰিলে| এখেতেই জগতবিখ্যাত কৰি ওমৰ খৈয়াম । দেখিবৰ ভাল লাগিল । মুখত নিৰ্ব্বিকাৰ শান্তভার, ওঠত মধুৰ হাহি ৷ নিচেই ওচৰতে আচমানী ৰঙৰ পাতল ওৰণি গাত লৈ বহি আছে। এজনী অপৰূপা সুন্দবী ৷ তেওঁৰ দীঘল নীলা চকু যুৰিৰ মাজেদি বিৰিঙি উঠিছে জীৱনৰ পুর্ণ মাদকতা । এইজনীয়ে কৱিৰ তন্বী চাকি । দেখিবলৈ পাই যেন জীৱন সাৰ্থক হ’ল। কৰি বঞক্তৃত| দিয়াৰ নির্দিষ্ট ঠাইলৈ গৈ কবলৈ ধৰিলে : “মাননীয় সভ্যসকল, আপোনালোকে ইমান তর্ক বিতর্ক কৰিছে কেলেই ? তর্কই সত্যৰ সন্ধান দিব নোৱাৰে | বৰ্ত্তমানৰ পোৱাৰ আনন্দতেই প্রাণ যেতিয়া মচ্গুল হৈ থাকিব, দুনীয়াখন তেতিয়া বেহেস্ত যেন বোধ হব ৷ পোৱা- খিনিও আমি নাপাব পাৰিলেহেঁতেন । ভবিষ্যতৰ ৰাঙলী কল্পনা আক অতীতৰ নিবর্থক স্মৃতিৰ লগত বর্তমানক ৰিজাই, পোরাখিনিৰ মূল্য কমাই To কিয় আমি আনন্দৰ পৰা বঞ্চিত হওঁ ? মই পৃথিবীৰ মানুহক উদ্দেশ্য কৰিহে এইখিনি কথ| কৈছে৷ ৷ কিয়নো, বেহেভ্তত ইয়াৰ প্রয়োগ নিৰ্থক 1 কিন্তু সেইবুলি মই পৃথিবীৰ কোনো মানুহকে চেষ্টা বিমুখ হবলৈ কোৱা নাই ৷”

ওমৰ খৈয়ামৰ yee কথাবোৰৰ উত্তৰ দিবলৈ উঠিল মহাকৱি ফেবদৌচি ৷ চাইনামাৰ কৱিক ভালমতে চাই ললে৷ ৷ নিদাৰুণ প্রৱঞ্চনা আৰু কঠোৰতাৰ মাঞ্জোদয়ে